উথপথপ কাজিৰঙা, ব্যস্ত পৰ্যটন কৰ্মীসকল
এতিয়া ব্যস্ততা বাঢ়িছে কাজিৰঙাৰ পৰ্যটনকৰ্মীৰ।
উথপথপ কাজিৰঙা, ব্যস্ত পৰ্যটন কৰ্মীসকল


গোলাঘাট, ১২ অক্টোবৰ (হি.স.): কাজিৰঙাত নতুন পৰ্যটন বৰ্ষ আৰম্ভ হোৱাৰ লগে লগেই এতিয়া ব্যস্ততা বাঢ়িছে কাজিৰঙাৰ পৰ্যটন কৰ্মীসকলৰ। নিতৌ কাজিৰঙালৈ আহিছে দেশ বিদেশৰ বহু পৰ্যটক। পৰ্যটক সকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ লগতে ভুমুকি মাৰিছে কাজিৰঙাৰ দাঁতিকাষৰীয়া গ্ৰামঞ্চলত।

পৰ্য্যটকৰ বাবে এতিয়া বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কাজিৰঙাৰ মহপাৰা গাঁৱৰ নিবাসী পৰি গগৈৰ বাসগৃহ। পৰি গগৈৰ নিজা প্ৰচেষ্টাত তাঁতশালত প্ৰাণ পাই উঠিছে অসম গৌৰৱ এশিঙীয়া, কাজিৰঙাৰ হৰিণা, মানসৰ ময়ূৰৰ লগত বিভিন্ন পক্ষীকূল।

হস্ততাত বস্ত্ৰ শিল্পৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাপ্ত পৰিয়ে নিজ গৃহতে তাত শালত ৰচিছে সপোন। গামোচাত ফুল বচাৰ সলনি পৰিয়ে তাঁতশালত কাজিৰঙাৰ বন্যজীৱকূলক ফুলতুলি ফটো ফ্ৰেমিং পদ্ধতিৰে পৰ্যটকত উভতনি পথত দিছে কাজিৰঙাৰ আপুৰুগীয়া এক শিল্পকৰ্ম। ইতিমধ্যে বেংগলৰ, দিল্লী, কোৱেটৰ পৰা আহি বহু পৰ্যটকে ক্ৰয় কৰাৰ লগতে এই শিল্পকৰ্মৰ ভূঁয়সী প্ৰশংসা কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande