লংকাত ড্ৰাগছ সহ তিনি সৰবৰাহকাৰী আটক
লংকাত জব্দ ড্ৰাগছ সহ তিনি সৰ্বৰাহকাৰী।
লংকাত ড্ৰাগছ সহ তিনি সৰবৰাহকাৰী আটক


হোজাই, ১২ অক্টোবৰ (হি.স.): হোজাই জিলাৰ লংকাত যোৱাকালি শনিবাৰে নিশা ড্ৰাগছ সহ তিনি সৰবৰাহকাৰী আটক হয়। লংকাৰ তিনিআলিত আৰক্ষীৰ হাতত ড্ৰাগছ সহ ধৰা পৰে তিনিজন ড্ৰাগছ সৰবৰাহকাৰী।

হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম বৰদলৈৰ নেতৃত্বত উদালী আৰক্ষীয়ে লংকা-লামডিং সংযোগী পথত তিনিআলীত নিয়মীয়া তালাচি কৰি থকা অৱস্হাত ১৮ টা ড্ৰাগছ ভৰ্টি চাবোনৰ বাকচ সহ আটক কৰে আজাদ আলি, জাহিৰ আহমেদ আৰু সাহিৰুল হুছেইন লস্কৰ নামৰ তিনি ড্ৰাগছ সৰবৰাহকাৰীক। ধৃত কেইজনে শিলচৰৰ পৰা গুৱাহাটী কঢ়িয়াই নিছিল নিষিদ্ধ ড্ৰাগছ খিনি। ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় ৪০ লাখ টকা হ‘ব বুলি কোৱা হৈছে । উল্লেখ্য যে এএছ ১১ ভি ৬১৭২ নম্বৰৰ এখন বাহনত আহি থকা অৱস্থাত ড্ৰাগছ সহ আটক কৰে সৰবৰাহকাৰী কেইটাক ।বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande