দেৰগাঁও আৰক্ষীৰ কুখ্যাত গাড়ী চোৰ কৰায়ত্ত
দেৰগাঁও আৰক্ষীয়ে আটক কৰে মৃগাংক কলিতা নামৰ এটা কুখ্যাত গাড়ী চোৰ।
দেৰগাঁও আৰক্ষীৰ কুখ্যাত গাড়ী চোৰ কৰায়ত্ত


গোলাঘাট, ১২ অক্টোবৰ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষীয়ে মৃগাংক কলিতা নামৰ এটা কুখ্যাত গাড়ী চোৰ আটক কৰিছে। যোৰহাট মেলেঙৰ পৰা আটক কৰা হয় এই চোৰটোক।

উল্লেখ্য যে যোৱা ১০ ছেপ্টেম্বৰতে দেৰগাঁৱৰ পৰা চালকসহ সন্ধানহীন হৈছিল এখন বলেৰ বাহন। দেৰগাঁৱৰ ভেলচিটি ড্ৰাইভ (Velocity Drive) নামৰ এটা ট্ৰেভেল এজেঞ্চিৰ অধীনত চলিছিল এএছ ০৩ এএল ১১৮৭ নম্বৰৰ বলেৰ বাহন খন। সন্ধানহীন হোৱাত বাহনৰ গৰাকী তাজেৰ আলিয়ে ট্ৰেভেল এজেঞ্চিটোৰ বিৰুদ্ধে দাখিল কৰিছিল এজেহাৰ।

অভিযোগকাৰীৰ বিবৰণি মতে ২০২৪ চনতে সেই এজেঞ্চিটোৰ লগত লিখিত ভাবে চুক্তিবদ্ধ কৰি তেওঁৰ বলেৰ বাহনখন ভাৰাত চলোৱাৰ বাবে দিছিল। যোৱা ১০/৯/২০২৫ তাৰিখৰ পৰা বাহনখনৰ কোনো শুংসূত্ৰ নোপোৱাত বাহনৰ গৰাকীয়ে উপায়হীন হয় দেৰগাঁও থানাত ভেলচিটি ড্ৰাইভ নামৰ এজেঞ্চিটোৰ বিৰুদ্ধে দাখিল কৰিছিল এজেহাৰ যদিও এজেঞ্চিটোৰ স্বত্বাধিকাৰীও সমান্তৰালকৈ ভাৰাত দিয়া ব্যক্তি জনৰ বিৰুদ্ধে দাখিল কৰিছিল এজেহাৰ।আৰু যোৱা কালি শনিবাৰে গোপন সূত্ৰৰ পম খেদি দেৰগাঁও আৰক্ষীয়ে কালি বিয়লি যোৰহাট মেলেঙৰ পৰা আটক কৰিবলৈ সক্ষম হয় এই গভাইত চোৰটোক । অৱশ্যে গাড়ীখন উদ্ধাৰ হোৱা নাই বৰ্তমানলৈকে। চোৰটো সম্প্ৰতি দেৰগাঁও থানালৈ লৈ অনা হয় আৰু জেৰা অব্যাহত ৰাখিছে দেৰগাঁও আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande