ধুবুৰী, ১২ অক্টোবৰ (হি.স.) আদিত্য় খাখলাৰীৰ এটা মন্তব্য়ই এতিয়া জুই জ্বলাইছে জনজাতিৰ মৰ্য্যদা বিচাৰি আন্দোলন কৰা দল সংগঠনসমূহৰ মাজত।
ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে ধ্বংস হব প্ৰকৃত জনজাতি বুলি ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাখলাৰীয়ে ছয় জনগোষ্ঠীক জনজাতি কৰনৰ ক্ষেত্ৰত দিয়া এই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে আক্ৰাছুৰ লগতে বিভিন্ন দল সংগঠন ।
আক্ৰাছুৰ নেতা সত্যজিৎ ৰায়ে আদিত্য খাখলাৰীক সকীয়াই দি কয় ইয়াৰ পিছত যদি জনজাতিকৰণ সমন্ধে এনেধৰণৰ মন্তব্য কৰে তেন্তে পৰিস্থিতি বেয়া হব । চৰকাৰখনে এনেদৰে আদিত্য খাখলৰিৰ দৰে ব্যক্তিক ব্যৱহাৰ কৰি আহিছে বুলিও অভিযোগ তোলে । আন বহুকেইটা দল সংগঠনেও খাখলাৰীৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে ভৱিষ্যতে তেনে মন্তব্য কৰাৰ পৰা বিৰত থাকিব লাগে বুলি সকীয়নি প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা