নতুন দিল্লী, ১২ অক্টোবৰ (হি.স.)। চুলতান অৱ জোহৰ কাপ ২০২৫ৰ দ্বিতীয়খন খেলত ভাৰতীয় জুনিয়ৰ পুৰুষ হকী দলে দেওবাৰে নিউজিলেণ্ডক ৪-২ গ’লত পৰাস্ত কৰে। মালয়েছিয়াৰ জোহৰ বাহৰুত অনুষ্ঠিত হৈ থকা প্ৰতিযোগিতাখনত ভাৰতীয় দলৰ হৈ আৰ্শদীপ সিং (২ মিনিট), পি বি সুনীল (১৫ মিনিট), অৰিজিত সিং হুণ্ডলে (২৬ নং), আৰু ৰোমান কুমাৰে (৪৭ নং) গ’ল দিয়ে। নিউজিলেণ্ডৰ হৈ গাছ নেলছন (৪১ মিনিট) আৰু আইডেন মেক্সে (৫২ মিনিট) গ’ল দিয়ে।
প্ৰথমখন মেচত গ্ৰেট ব্রিটেইনক ৩-২ গ’লত পৰাস্ত কৰি অভিযানৰ বিজয়ী আৰম্ভণিৰ পাছত ভাৰতীয় দলটোৱে প্রতিযোগিতাখনৰ দ্বিতীয়খন মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে সুদৃঢ় আৰম্ভণিৰে নিজৰ গতি অক্ষুণ্ণ ৰাখিছে । ভাৰতীয় জুনিয়ৰ দলৰ হৈ প্ৰথমটো গ’ল প্ৰথম কোৱাৰ্টাৰৰ দ্বিতীয় মিনিটত নিউজিলেণ্ডৰ ডিফেন্স ভাঙি আৰ্ষদ্বীপ সিঙে গ’ল দিয়ে। কোৱাৰ্টাৰৰ অন্তিম মুহূৰ্তত ভাৰতে দুগুণ অগ্ৰগতি লাভ কৰে। ১৫ মিনিটত পি বি সুনিলে এটা উজ্জ্বল গ’ল দিয়ে। ২-০ গ’লত অগ্ৰগতি লাভ কৰি ভাৰতে দ্বিতীয় কোৱাৰ্টাৰত নিজৰ আগ্ৰাসী খেল অব্যাহত ৰাখিলে। ২৬ মিনিটত অৰিজিতে গ’ল দি ভাৰতৰ অগ্ৰগতি ৩-০লৈ বৃদ্ধি কৰে।
তৃতীয় কোৱাৰ্টাৰত নিউজিলেণ্ডে পুনৰ উভতি আহি ৪১ মিনিটত গাছ নেলছনৰ গ’লেৰে ৩-১ গ’লত অগ্ৰগতি লাভ কৰে। অৱশ্যে ৪৭ মিনিটত পেনাল্টি কৰ্ণাৰত ভাৰতৰ ৰোছন কুমাৰে গ’ল দি ভাৰতে ৪-১ গ’লত অগ্ৰগতি লাভ কৰে। ৫২ মিনিটত নিউজিলেণ্ডৰ হৈ আইডেন মেক্সে গ’ল দি স্ক’ৰ ৪-২ কৰে। শেষৰ কেইমিনিটমান যথেষ্ট ৰোমাঞ্চকৰ আছিল। নিউজিলেণ্ডে পুনৰ উভতি অহাৰ চেষ্টা কৰিছিল যদিও ভাৰতীয় ডিফেন্সে শক্তিশালীভাৱে ধৰি ৰাখিছিল। খেলৰ শেষত ভাৰতীয় দলে ৪-২ গ’লত জয়লাভ কৰে।
ভাৰতীয় দলটোৱে পৰৱৰ্তী খেল খন ১৪ অক্টোবৰত পাকিস্তানৰ বিৰুদ্ধে খেলিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া