লক্ষিমপুৰ, ১২ অক্টোবৰ (হি.স.): অসম আৰক্ষীৰ যোৱা কালি শনিবাৰে ঘোষণা কৰা ইউবি পদত নাৰায়ণপুৰৰ দিংকু দাসে নিযুক্তি লাভ কৰাত উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃ তথা পৰিয়ালৰ লোক সকল। দিন হাজিৰা কৰি পৰিয়াল পোহ পাল দিয়া পিতৃ গোপাল দাস আৰু মাতৃ মাতু দাসে পুত্ৰৰ কষ্টই সাৰ্থকতা লাভ কৰাত উৎফুল্লিত হৈ আনন্দৰ চকুলো টুকিছে। অসম আৰক্ষীত পুত্ৰই স্বচ্ছ নিকা ভাৱে নিযুক্তি পোৱাৰ পাছতেই আবেগিক হৈ পৰে পিতৃ মাতৃ। লগতে ইয়াৰ বাবে ধন্যবাদ জনালে চৰকাৰক।
উল্লেখ্য় যে অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ৬২৫ টা পদৰ ফলাফল যোৱা কালি শনিবাৰে ঘোষণা কৰা হৈছিল। ঘোষিত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত সফলতা অৰ্জন কৰিলে বঙাইগাঁও জিলাৰ কায়েথপাৰাৰ দিপীকা বৰ্মনে। অসম আৰক্ষীৰ কনিষ্টবল পদত সফলতা লাভ কৰি বইটামাৰী অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে দিপীকাই ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ