নগাঁও, ১২ অক্টোবৰ (হি.স.): নগাঁও জিলাৰ চামগুৰিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ড । দুই নাবালকে সংঘটিত কৰিলে এই নাৰকীয় কাণ্ড। ইতিমধ্যে আটক হৈছে দুই নাবালক।
চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত জিয়াজুৰিৰ বাগানত সংঘটিত হৈছে এই নাৰকীয় ধৰ্ষণ কাণ্ড। এগৰাকী ১৬ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি সমগ্ৰ ঘটনা মোবাইলত ৰেকৰ্ডিং কৰাৰ অভিযোগ উঠিছে দুই নাবালকৰ বিৰুদ্ধে। এই ঘটনা পোহৰলৈ অহাৰ পাছতেই ভূক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত আটক কৰা হৈছে দুয়ো জন নাবালকক। উল্লেখ্য যে ভুক্তভোগী নাবালিকা আৰু দুয়ো অভিযুক্তৰ মাজত প্ৰেমৰ সম্পৰ্ক থকাৰ স্বীকাৰ কৰিছে অভিযুক্তই।
ভুক্তভোগী কিশোৰীগৰাকীয়ে অভিযোগ কৰা অনুসৰি, লগ পোৱাৰ চলেৰে অভিযুক্ত নাবালকদ্বয়ে নিজান স্থানলৈ লৈ গৈছিল কিশোৰীগৰাকীক। তাৰ পাছতেই দুয়োজনে বলপূৰ্বক এই নাৰকীয় কাণ্ড সংঘটিত কৰে আৰু এই সমগ্ৰ ঘটনা মোবাইলত ৰেকৰ্ডিং কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ