তিনিচুকিয়া, ১২ অক্টোবৰ (হি.স.)। ডিগবৈত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি অভিনৱ প্ৰতিৱাদ। জুৱিন গাৰ্গৰ অস্থি লৈ ডিগবৈ ৰাজপথত প্ৰতিবাদ প্ৰায় দহ হাজাৰ ৰাইজৰ। সন্তুষ্ট নহয় বৰ্তমানৰ বিচাৰ প্ৰক্ৰিয়াত।
ডিগবৈত জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি আয়োজক সমিতিৰ উক্ত প্ৰতিবাদ সাব্যস্ত।আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সংবাদ মাধ্যমক অবগত কৰে যে, ছিংগাপুৰত বসবাস কৰা প্ৰৱাসী অসমীয়া সকলে অসমৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ঘটা অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ চিআইডি তদন্তত সম্পুৰ্ণ ৰূপে সহযোগিতা কৰিব বুলি জনাইছে।
জুবিন গাৰ্গৰ ছিংগাপুৰৰ মৃত্যুৰ সময়ত য়টত উপস্থিত থকা প্ৰতিজনকে চিআইডিৰ এচআইটিএ চমন জাৰি কৰিছিল। কিন্তু ৰূপকমলৰ বাহিৰে কোনো এজনো হাজিৰ হোৱা নাছিল এচআইটিত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা