অসমৰ শাসনাধিস্থিত বিজেপি নেতৃত্বাধীন মিত্ৰ জোতৰ চৰকাৰৰ ওপৰত জনসাধাৰণ আস্থা হ্ৰাস পাইছ
দৰং, ১২অক্টোবৰ (হি.স.)। বৰ্তমানৰ অসমৰ শাসনাধিস্থিত বিজেপি নেতৃত্বাধীন মিত্ৰ জোতৰ চৰকাৰৰ ওপৰত জনসাধাৰণ আস্থা হ্ৰাস পাইছে, তৃণমূল পৰ্যায়ৰ লোকৰ মাজত ক্ষোভৰ উদ্গীৰণ হৈছে, সাম্প্ৰতিক সময়ত এই চৰকাৰ খনৰ ওপৰত মানুহ এতিয়া অতিষ্ঠ হৈছে, বিজেপিৰ হিন্দু –মুছলিম
অসমৰ শাসনাধিস্থিত বিজেপি নেতৃত্বাধীন মিত্ৰ জোতৰ চৰকাৰৰ ওপৰত জনসাধাৰণ আস্থা হ্ৰাস পাইছ


দৰং, ১২অক্টোবৰ (হি.স.)। বৰ্তমানৰ অসমৰ শাসনাধিস্থিত বিজেপি নেতৃত্বাধীন মিত্ৰ জোতৰ চৰকাৰৰ ওপৰত জনসাধাৰণ আস্থা হ্ৰাস পাইছে, তৃণমূল পৰ্যায়ৰ লোকৰ মাজত ক্ষোভৰ উদ্গীৰণ হৈছে, সাম্প্ৰতিক সময়ত এই চৰকাৰ খনৰ ওপৰত মানুহ এতিয়া অতিষ্ঠ হৈছে, বিজেপিৰ হিন্দু –মুছলিমৰ ৰাজনিটীৰ ফলত জনসাধাৰণৰ প্ৰাথমিক অভাব অভিযোগ সমূহ তল পৰিছে, আনকি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ উদ্ঘাটন কৰিব নোৱাৰাতো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াই।

দৰং জিলাত অনুষ্ঠিত ব্লক কংগ্ৰেছৰ এখন জনসভাত এইদৰে বৰ্তমানৰ চৰকাৰ খনৰ ওপৰত খড়্গহস্ত হৈ পৰে প্ৰাক্তন বিজেপি বিধায়ক গৰাকী।

আনকি মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰা মিঠাতেলৰ ৰাজনীতিক কঠোৰ ভাবে সমালোচনা কৰে। লক্ষনীয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওৰ এক ভাষণত উল্লেখ কৰে যে, ২০২৬ চনত অনুষ্ঠিত হব লগা বিধানসভা নিৰ্বাচনৰ জৰিয়তে যদিহে বিজেপি পুনৰ ক্ষমতালৈ আহিব সক্ষম হই তেন্তে জনসাধাৰণক সুলভ মুল্য়ত মিঠাতেল প্ৰদানৰ ব্যৱস্থা কৰিব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande