পৰ্বতঝোৰাৰ কাজিগাঁও-টিপকাই সংযোগী পথত বন্যহস্তীৰ বিচৰণ
কোকৰাঝাৰ, ১২ অক্টোবৰ (হি.স.)। বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্য় হস্তীৰ বাবে ৰাজ্য়ৰ বিভিন্ন স্থানত লোকসকলৰ মাজত আতংকৰ সৃষ্টি হৈ আহিছে। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত যোৱা কালি শনিবাৰে নিশা বন্যহস্তীৰ আতংকত নিদ্ৰাহৰণ হয় ৰাইজৰ। প্ৰাপ্ত তথ্য়মতে। কোকৰ
পৰ্বতঝোৰাৰ কাজিগাঁও-টিপকাই সংযোগী পথত বন্যহস্তীৰ বিচৰণ


কোকৰাঝাৰ, ১২ অক্টোবৰ (হি.স.)। বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্য় হস্তীৰ বাবে ৰাজ্য়ৰ বিভিন্ন স্থানত লোকসকলৰ মাজত আতংকৰ সৃষ্টি হৈ আহিছে। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত যোৱা কালি শনিবাৰে নিশা বন্যহস্তীৰ আতংকত নিদ্ৰাহৰণ হয় ৰাইজৰ।

প্ৰাপ্ত তথ্য়মতে। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ কাজিগাঁও-টিপকাই সংযোগী পথৰ চিষ্টিত দুটা বন্যহস্তীয়ে প্ৰায় দুই ঘণ্টা সময় পথৰ ওপৰত বিচৰণ কৰিছিল। ইয়াৰ ফলত পথটোৰে যাতায়ত ব্যাহত হৈ পৰে। স্থানীয় ৰাইজে দীৰ্ঘ সময় পথৰ ওপৰত বিচৰণ কৰাত ৰাইজ আতংকিত হৈ জুই জ্বলাই হাতী দুটা বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয়। উল্লেখ্য় যে ব্য়াপকভাৱে সংকুচিত হ‘ব ধৰা বনাঞ্চলৰ বাবে খাদ্য়ৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীৰ বাবে বিভিন্ন স্থান হাতী– মানুহৰ সংঘাটৰ সৃষ্টি হৈছে। বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই ঘৰ–বাৰী ধ্বংস কৰাৰ লগতে খেতি পথাৰত নামি অনিষ্ট সাধন কৰি আহিছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande