ইছলামাবাদ, ১২ অক্টোবৰ (হি.স.)। আফগান সৈন্যই পাকিস্তানৰ সীমান্ত চকীত শনিবাৰে গভীৰ নিশা আক্ৰমণ কৰাতো পাকিস্তানৰ বিৰুদ্ধে প্ৰত্য়াক্ৰমণমূলক ব্যৱস্থা বুলি অভিহিত কৰে। আফগান আক্ৰমণত ১২ জন পাকিস্তানী জোৱান নিহত হোৱা বুলি জানিব পৰা গৈছে। পাকিস্তানৰ নিৰাপত্তাৰক্ষীয়ে দাবী কৰিছে যে সেনাই আফগানৰ কেইবাটাও পোষ্ট ধ্বংস কৰিছে। পাকিস্তান আৰু আফগানিস্তানৰ মাজত শেহতীয়া উত্তেজনাক লৈ উদ্বেগ প্ৰকাশ কৰি ছৌদি আৰব আৰু কাটাৰে দুয়োখন দেশক সংযমৰ বাবে আবেদন জনায়।
আফগানিস্তানে যোৱা ১১ অক্টোবৰৰ শেষৰ ফালে নাংগাৰহাৰ আৰু কুনাৰ প্ৰদেশৰ ডুৰাণ্ড লাইনৰ সমীপৰ পাকিস্তানৰ সামৰিক চকীসমূহত বৃহৎ পৰিসৰৰ আক্ৰমণ চলাইছিল। এই আক্ৰমণত ইছলামিক ষ্টেটৰ কেইবাটাও উগ্ৰপন্থীক লক্ষ্য কৰি লোৱা হৈছিল। পাকিস্তানী সেনাৰ সুৰক্ষাত সীমান্তৰ ওচৰত সক্ৰিয় হৈ থকা আইছিছৰ ঘাটিসমূহ আফগান তালিবানৰ বিৰুদ্ধে অভিযানত জড়িত বুলি ধাৰণা কৰা হৈছে।
দুয়োপক্ষৰ পৰা প্ৰচণ্ড গুলিয়াগুলীৰ পিছত আফগানিস্তানে পাকিস্তানৰ তিনিটা সীমান্ত চকী দখল কৰা বুলি দাবী কৰে। তালিবান চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্ধৃতি দি ট’লো নিউজে প্ৰকাশ কৰা অনুসৰি আফগানিস্তানৰ ইছলামিক আমিৰশ্বাহীৰ বাহিনীয়ে কেইবাটাও পাকিস্তানী চকী দখল কৰে। কুনাৰ আৰু হেলমাণ্ড প্ৰদেশৰ পাকিস্তানী প’ষ্ট সম্পূৰ্ণৰূপে ধ্বংস হয়। পাকিস্তানৰ নিৰাপত্তাৰক্ষীয়ে আফগানৰ কেইবাটাও পোষ্ট ধ্বংস কৰা বুলি দাবী কৰে।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি হেলমাণ্ডৰ বাহৰাম চাহ জিলাত সংঘৰ্ষত ১২ জন পাকিস্তানী জোৱান নিহত হয়।
এই আক্ৰমণৰ পিছত আফগান তালিবান চৰকাৰে এক বিবৃতি প্ৰকাশ কৰি সকীয়াই দিয়ে যে চহৰখনত তেওঁলোকৰ অভিযান মাজনিশা শেষ হৈছে যদিও যদিহে বিৰোধীয়ে পুনৰ আফগানিস্তানৰ ভূখণ্ডৰ সীমা উলংঘা কৰে তেন্তে তেওঁলোকৰ সশস্ত্ৰ বাহিনীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব।
আফগানিস্তান আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে ছৌদি আৰব আৰু কাটাৰে। পাকিস্তান আৰু আফগানিস্তানৰ সীমান্তৱৰ্তী অঞ্চলত উত্তেজনা আৰু সংঘৰ্ষ অব্যাহত বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰে। লগতে আঞ্চলিক স্থিতিশীলতা বজাই ৰাখিবলৈ দুয়োখন দেশক সংযম আৰু কূটনৈতিক সমাধান বিচাৰি উলিয়াবলৈ আহ্বান জনায়।
মন কৰিবলগীয়া যে ৯ অক্টোবৰৰ নিশা পাকিস্তানে ৰাজধানী কাবুল আৰু অন্যান্য আফগান চহৰত বিমান আক্ৰমণ চলাই, কাবুল, খোষ্ট, জালালাবাদ, আৰু পাক্তিকাত থকা কথিত টিটিপিৰ আত্মগোপন স্থানক লক্ষ্য কৰি লৈছিল। এই আক্ৰমণৰ লক্ষ্য আছিল টিটিপিৰ মুৰব্বী নূৰ ৱালি মেহছুদক নিৰ্মূল কৰা। তালিবানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই আক্ৰমণক গৰিহণা দি যুদ্ধৰ আৰম্ভণি বুলি অভিহিত কৰে।
তালিবান শাসনৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তকীয়ে আঠ দিনীয়া ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানে আফগান ভূখণ্ডত এই বিমান আক্ৰমণ সংঘটিত কৰিছিল।
हिन्दुस्थान समाचार / Manoj Kumar Saikia