গোসাইগাঁৱত আদিত্য খাকলাৰীৰ পুত্তলিকা দাহ কৰি আক্ৰাছু-প্ৰাক্তন কেএলঅ'ৰ প্ৰতিবাদ
গোসাইগাঁৱত আদিত্য খাকলাৰীৰ পুত্তলিকা দাহ কৰি আক্ৰাছু-প্ৰাক্তন কেএল অৰ প্ৰতিবাদ ।
গোসাইগাঁৱত আদিত্য খাকলাৰীৰ পুত্তলিকা দাহ কৰি আক্ৰাছু-প্ৰাক্তন কেএলঅ'ৰ প্ৰতিবাদ


কোকৰাঝাৰ, ১২ অক্টোবৰ (হি.স.): কোচ ৰাজবংশী সহ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰা ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাকলাৰীৰ পুত্তলিকা দাহ কৰি আজি দেওবাৰে গোসাইগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতি আৰু প্ৰাক্তন কে এল অ উন্নয়ন সমাজে । গোসাইগাঁও সদৰ চহৰৰ উত্তৰপাৰাত ডি কে ৰোডত সংগঠনদ্বয়ৰ কৰ্মকৰ্তা সকলে খাকলাৰীৰ পুত্তলিকা দাহ কৰি আদিত্য খাকলাৰী মুৰ্দাবাদ, আদিত্য খাকলাৰী হুছিয়াৰ, ট্ৰাইবেল সংঘ মুৰ্দাবাদ, আক্ৰাছু জিন্দাবাদ, প্ৰাক্তন কে এল অ' জিন্দাবাদ ধ্বনি দি পৰিস্থিতি উত্তাল কৰি তোলে ৷

কাৰ্য্যসূচীত উপস্থিত থকা আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মৃনাল ৰায়ে আদিত্য খাকলাৰীক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে আক্ৰাছুৰ লগতে বিভিন্ন দল সংগঠনে আন্দোলন কৰি আহিছে । এইবেলি চৰকাৰে ছয় জনগোষ্ঠীৰ বিষয়টো অহা নবেম্বৰ মাহত প্ৰতিবেদন দাখিল কৰিব বুলি প্ৰকাশ কৰাত আদিত্য খাকলাৰীয়ে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে । এয়া কোনো প্ৰকাৰে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি সম্পাদক গৰাকীয়ে কয় যে জনজাতিকৰণ আদিত্য খাকলাৰীৰ পৈতৃক সম্পত্তি নহয় । কোচ ৰাজবংশী জনগোষ্ঠীয়ে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰিছে ইয়াত আদিত্য খাকলাৰীয়ে বিৰোধীতা কৰাৰ কোনো অধিকাৰ নাই। গতিকে দ্বিতীয়বাৰ যাতে খাকলাৰীয়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ বিৰোধিতা নকৰে তাৰ বাবে সকীয়াই দিয়ে অন্যথা আক্ৰাছু আদিত্য খাকলাৰীৰ মুখামুখি হ'বলৈ প্ৰস্তুত বুলি সম্পাদক গৰাকীয়ে উল্লেখ কৰে৷

আনহাতে জনজাতিকৰণ দিলে ৰক্তাক্ত হ'ব বুলি খাকলাৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সম্পাদকজনে কয় যে নিজৰ প্ৰাপ্যৰ বাবে যিকোনো পৰিস্থিতিৰ বাবে আক্ৰাছু প্ৰস্তুত বুলি হুংকাৰ দিয়ে ৷ আনহাতে এইবেলি অহা নবেম্বৰ মাহত ভালে ভালে প্ৰতিবেদন দাখিল কৰিবলৈ চৰকাৰক আহ্বান জনায়, অন্যথা বিগত বিটিচি নিৰ্বাচনত বিজেপিয়ে মুখ থেকেছা খোৱাৰ দৰে সমাগত বিধানসভা নিৰ্বাচনত কমতাপুৰ এলেকাৰ প্ৰতিটো সমষ্টিৰ পৰা উধাও কৰাৰ হুংকাৰ দিয়ে সম্পাদক গৰাকীয়ে ।

কাৰ্য্যসূচীত উপস্থিত প্ৰাক্তন কে এল অ' উন্নয়ন সমাজৰ কোকৰাঝাৰ জিলা সভাপতি গৌতম চৌধুৰীয়ে আদিত্য খাকলাৰীক সমালোচনা কৰি সকীয়াই দিয়ে ৷ অনুষ্ঠানত আক্ৰাছুৰ পশ্চিম কোকৰাঝাৰ জিলা সভাপতি কৃষ্ণ ৰায় আৰু সম্পাদক চন্দন বৰ্মন সহ কেইবাগৰাকী কৰ্মী সমৰ্থক উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande