শোণিতপুৰ, ১২ অক্টোবৰ (হি.স.)। ঢেকিয়াজুলিত আজি অনুষ্ঠিত হ’ল কংগ্ৰেছৰ বিশাল সাংগঠনিক সভা ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ সহ উপস্থিত কেইবা গৰাকীও নেতা ৷ বিশাল ৰেলিৰে ওৰাংৰ পৰা ঢেকিয়াজুলিলৈ আঁদৰি অনাৰ পিছতেই গৌৰৱ গগৈয়ে প্ৰয়াত শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰি নাহৰৰ পুলি ৰোপনৰ পাছতেই সদ্য বিজেপি ত্যাগি নেতা বাতাচ ওৰাং সহ কেইবা গৰাকীও বিষয়ববীয়া সহ প্ৰায় ছয় শতাধিক সমৰ্থকে যোগদান কৰে ।
সভাত উপস্থিত থাকি এপিচিচিৰ সভাপতি গৰাকী উল্লেখ কৰে যে, ৰাজ্যৰ শাসকীয় বিজেপি মিত্ৰজোত চৰকাৰৰ পতন অনিবাৰ্য্য।২০২৬ চনত অনুষ্ঠিত হব লগা বিধানসভা নিৰ্বাচনত কংগ্ৰেছক ৰাইজে আকোৱালী লব। বিজেপিৰ হিন্দু মুছলমানৰ ৰাজনিটীক অসমৰ ৰাইজে প্ৰত্য়াখ্যান কৰাটো নিশ্চিত।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু