বোকাখাতত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন
গোলাঘাট, ১২ অক্টোবৰ (হি.স.)। বোকাখাতত যোৱা নিশা সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন । বোকাখাতৰ লখৌজানৰ সমীপত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । অচিনাক্ত ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় স্কুটি আৰোহী চন্দন বৰগোঁহাই নামৰ এজন যুৱক । জানিব পৰা মতে
বোকাখাতত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন


গোলাঘাট, ১২ অক্টোবৰ (হি.স.)। বোকাখাতত যোৱা নিশা সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন । বোকাখাতৰ লখৌজানৰ সমীপত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । অচিনাক্ত ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় স্কুটি আৰোহী চন্দন বৰগোঁহাই নামৰ এজন যুৱক । জানিব পৰা মতে নুমলীগড়ৰ পৰা লখৌজানৰ ঘৰলৈ স্কুটিৰে আহি থকাৰ সময়ত ঘৰ পাবলৈ ১০০ মিটাৰমান থাকোতে এখন ট্ৰাকে পিছফালৰ পৰা স্কুটি আৰোহী চন্দনক খুন্দিয়াই বহু দুৰ চোচোৰাই আনে ।

ফলত থিতাতে মৃত্যু হয় চন্দন বৰগোঁহাই নামৰ যুৱকজন । পৰৱৰ্তীকালত বোকাখাত যান বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্কুটিৰ লগতে মৃতদেহ বোকাখাত আৰক্ষী থানালৈ লৈ যায় । অৱশ্যে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande