মানকাচৰৰ কুকুৰমাৰাত নিচাজাতীয় য়াবা টেবলেট জব্দ
মানকাচৰৰ কুকুৰমাৰাত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
মানকাচৰৰ কুকুৰমাৰাত নিচাজাতীয় য়াবা টেবলেট জব্দ


দক্ষিণ শালমাৰা মানকাচৰ, ১২ অক্টোবৰ (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কুকুৰমাৰাত নিচাজাতীয় য়াবা টেবলেট জব্দ কৰা হৈছে। যোৱা কালি শনিবাৰে বিয়লি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই এই সফলতা লাভ কৰে।

উল্লেখ্য যে অতিৰিক্ত আৰক্ষী অধিক্ষক প্ৰতাপ দাসৰ নেতৃত্বত খাৰুৱাবান্ধা আৰক্ষীয়ে চলাইছিল এই অভিযান। অভিযানত জব্দ কৰা হয় ১০০ টা নিচাজাতীয় য়াবা টেবলেট আৰু এটা মোবাইল ফোন। লগতে আৰক্ষীয়ে এজন ড্ৰাগচ সৰবৰাহকাৰীক আটক কৰিবলৈ সমৰ্থ হয়। আৰক্ষীয়ে আখিৰুল ইছলাম নামৰ যুৱক জনক য়াবা টেবলেটসহ আটক কৰে। ধৃত সৰবৰাহকাৰী জন মানকাচৰ থানা একেকাৰ কুকুৰমাৰা গাঁৱৰ বাসিন্দা। এই সন্দৰ্ভত ধৃত যুৱকজনক সোধা পোছা অব্যাহত ৰাখিছে। যুৱকজনৰ বিৰুদ্ধে এনডিপিএছ আইনৰ অধিনত গোচৰ ৰুজু কৰাৰ যোজা চলাইছে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande