কাঠমাণ্ডু, ১২ অক্টোবৰ (হি.স.)। হামাছ আৰু ইজৰাইলৰ মাজত হোৱা যুদ্ধবিৰতি চুক্তিৰ প্ৰাৰম্ভিক পৰ্যায়ৰ অংশ হিচাপে সোমবাৰে মুক্তিৰ আশাৰ পূৰ্বে নেপালী নাগৰিক বিপিন যোশীক জীৱিত পণবন্দীসকলৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।
দেওবাৰে টাইমছ অৱ ইজৰাইল আৰু ৱাশ্বিংটন পোষ্টে প্ৰকাশ কৰা অনুসৰি জীৱিত বুলি নিশ্চিত হোৱাসকলৰ ভিতৰত বিপিন যোশীও অন্যতম। পূৰ্বৰ তালিকাসমূহত বিপিন যোশীৰ অৱস্থা অজ্ঞাত হিচাপে তালিকাভুক্ত কৰা হৈছিল। অৱশ্যে হামাছৰ নেতাসকলৰ উদ্ধৃতিৰে দ্য ৱাশ্বিংটন পোষ্ট, দ্য টাইমছ অৱ ইজৰাইল আৰু এছ’চিয়েটেড প্ৰেছে প্ৰকাশ কৰা নতুন তালিকাই তেওঁৰ অস্তিত্ব নিশ্চিত কৰিছে।
বৰ্তমান জীৱিত বুলি স্পষ্ট হোৱা আটাইকেইজন পণবন্দী পুৰুষ, যাৰ অধিকাংশই ২০ আৰু ৩০ বছৰীয়া বুলি জানিব পৰা গৈছে। পূৰ্বৰ পৰ্যায়ত যুদ্ধবিৰতিৰ সময়ত ৫০ বছৰৰ ওপৰৰ মহিলা, শিশু আৰু পুৰুষক মুকলি কৰি দিয়া হৈছিল।
দক্ষিণ ইজৰাইলৰ আলুমিম কিবুটজৰ এখন পথাৰত কাম কৰি থকা অৱস্থাত অপহৃত হয় নেপালী ছাত্ৰ বিপিন যোশী। শেহতীয়াকৈ ইজৰাইলী বাহিনীয়ে গাজাত উদ্ধাৰ কৰা ভিডিঅ’ লাভ কৰাটো তেওঁৰ পৰিয়ালে নিশ্চিত কৰিছে, য’ত তেওঁ জীয়াই থকাৰ কথা প্ৰকাশ পাইছে। ২০২৩ চনৰ নৱেম্বৰ মাহত এই ফুটেজ ৰেকৰ্ডিং কৰা বুলি অনুমান কৰা হৈছে।
অপহৰণৰ মাত্ৰ এমাহ পূৰ্বে ইজৰাইলত উপস্থিত হৈছিল বিপিন যোশী। গাজা সীমান্তৰ কিবুট্জ আলুমিমত কাম কৰিবলৈ আৰু কৃষি অধ্যয়ন কৰিবলৈ গৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া