গুৱাহাটী, ১২অক্টোবৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেই ২৪ ঘণ্টাইঅহৰ্নিশে কাম কৰি গ্ৰাহকসকলক সেৱা আগবঢ়াই আহিছে আৰু প্ৰয়োজনীয় সামগ্ৰীসমূহ তাৎক্ষণিকভাৱেঅন্তিম ব্যৱহাৰকাৰীজনলৈ প্ৰেৰণ কৰাটো নিশ্চিত কৰিছে। চলিত বিত্তীয় বৰ্ষত ছেপ্টেম্বৰ, ২০২৫ মাহলৈকে এই সংমণ্ডলে সফলতাৰে ৫.৫৫৭ মিলিয়ন টন মালবস্তু লোড কৰিছে, যি পূৰ্বৰ বিত্তীয় বৰ্ষৰ এই একেই সময়চোৱাৰ তুলনাত ৩.৫% বৃদ্ধি প্ৰতিফলিত কৰে।
চলিত বৰ্ষৰছেপ্টেম্বৰ মাহত, পূৰ্ব বছৰৰ এই একেই সময়চোৱাৰ তুলনাত কেইবাটাও সামগ্ৰীৰ লোডিঙত উল্লেখযোগ্য বৃদ্ধি পৰিলক্ষিত হৈছে। চিমেণ্টৰ লোডিং৪৮.১% বৃদ্ধি, কয়লাৰ লোডিং১৩৩.৩% বৃদ্ধি,কন্টেইনাৰৰ লোডিং ২১.৪%আৰু পিওএলৰ লোডিং২০.১% বৃদ্ধি পাইছে। ইয়াৰ উপৰিও, অন্যান্য খণ্ডত, ষ্টোন ছিপচৰ লোডিং পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ১০০% বৃদ্ধি হৈছে।
মালবাহী ৰেলৰ লোডিঙৰধাৰাবাহিক বৃদ্ধিয়ে এই অঞ্চলত ক্ৰমবৰ্ধমান অৰ্থনৈতিক কাৰ্যকলাপকে প্ৰতিফলিত কৰে। এই ঊৰ্ধ্বগামী প্ৰৱণতাই কেৱল অঞ্চলটোৰ অৰ্থনৈতিক প্ৰেক্ষাপটক শক্তিশালী কৰাই নহয়, উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰাজহৰ ক্ষেত্ৰতো উল্লেখযোগ্যভাৱে অৰিহণা যোগাইছে। ভৱিষ্যতে, উত্তৰ-পূব সীমান্ত ৰেলৱেই সেৱাৰ নিৰ্ভৰযোগ্যতা আৰু দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে কাৰিকৰী উন্নয়নৰ দিশত প্ৰতিশ্ৰুতিবদ্ধ, যাতে মালবাহীৰেলৰ পৰিবহণত স্থিৰ বৃদ্ধি নিশ্চিত কৰিব পৰা যায়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী