৭০ সংখ্যক ফিল্মফেয়াৰ বঁটা ২০২৫ত ‘লাপতা লেডিজ’ৰ আধিপত্য বিস্তাৰ, আলিয়া ভাট আৰু অভিষেক বচ্চনে জিনিলে হৃদয়
বলীউডৰ আটাইতকৈ জিলিকি থকা নিশা ৭০ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ গুজৰাটৰ আহমেদাবাদত অতি আড়ম্বৰ আৰু শ্ব’ৰে অনুষ্ঠিত হয়। তাৰকাৰে ভৰা ৰেড কাৰ্পেট, কেমেৰাৰ চমক আৰু জিলিকি থকা মুখবোৰ—চৌদিশে আছিল গ্লেমাৰ আৰু ভৱ্যতাৰ দৃশ্য। সমগ্ৰ দেশৰ চিনেপ্ৰেমীসকলে এই
70वें फिल्मफेयर 2025


70वें फिल्मफेयर 2025


70वें फिल्मफेयर 2025


70वें फिल्मफेयर 2025


বলীউডৰ আটাইতকৈ জিলিকি থকা নিশা ৭০ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ গুজৰাটৰ আহমেদাবাদত অতি আড়ম্বৰ আৰু শ্ব’ৰে অনুষ্ঠিত হয়। তাৰকাৰে ভৰা ৰেড কাৰ্পেট, কেমেৰাৰ চমক আৰু জিলিকি থকা মুখবোৰ—চৌদিশে আছিল গ্লেমাৰ আৰু ভৱ্যতাৰ দৃশ্য। সমগ্ৰ দেশৰ চিনেপ্ৰেমীসকলে এই নিশাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিছিল। প্ৰতিটো প্ৰত্যাশাৰ সৈতে খাপ খুৱাই এই অনুষ্ঠানটোৱে বলীউডৰ বাবে এক স্মৰণীয় সন্ধিয়াৰ সৃষ্টি কৰিছিল। অভিষেক বচ্চন আৰু কাৰ্তিক আৰ্যনে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰাৰ বিপৰীতে আলিয়া ভাটে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে।

শ্বাহৰুখ খানৰ মঞ্চলৈ প্ৰত্যাৰ্পন-

এইবাৰৰ অনুষ্ঠানৰ আটাইতকৈ বিশেষ চৰ্চিত আছিল ১৭ বছৰৰ পাছত ফিল্মফেয়াৰৰ মঞ্চত আয়োজক হিচাপে ঘূৰি অহা শ্বাহৰুখ খান। তেওঁৰ চিগনেচাৰ চাৰ্ম আৰু হাস্যৰসে শ্ব’টোক স্মৰণীয় কৰি তুলিছিল। কিং খানক প্ৰৱেশৰ লগে লগে দৰ্শকে ষ্টেণ্ডিং অভেচন দিলে, আৰু তেওঁৰ ফটোসমূহ নিমিষতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

জিনত আমনৰ প্ৰতি কৃতি ছাননৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন -

অভিনেত্ৰী কৃতি ছাননে এইবাৰ ফিল্মফেয়াৰৰ মঞ্চত এক বিশেষ অভিনয় কৰিছিল, যিটো সম্পূৰ্ণ জীনত আমনৰ প্ৰতি উৎসৰ্গিত আছিল। ৭০ৰ দশকৰ এই চিৰসেউজ তাৰকাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই কৃতিয়ে মঞ্চত নষ্টালজিয়া আৰু আড়ম্বৰৰ এক সুন্দৰ মিশ্ৰণ উপস্থাপন কৰে। তেওঁৰ এই শ্ৰদ্ধাঞ্জলিয়ে দৰ্শকৰ চকুলো টুকিছিল আৰু হৃদয়ত পুৰণি স্মৃতি সতেজ কৰি তুলিছিল।

‘লাপতা লেডিজ’ৰ আধিপত্য -

এইবাৰ ফিল্মফেয়াৰ এৱাৰ্ডৰ আটাইতকৈ বৃহৎ বিজয়ী হৈছে কিৰণ ৰাওৰ পৰিচালিত ‘লাপতা লেডিজ’, যিয়ে বহু শাখাত জয়লাভ কৰে। শ্ৰেষ্ঠ ছবি (লাপতা লেডিজ), শ্ৰেষ্ঠ পৰিচালক (কিৰণ ৰাও), শ্ৰেষ্ঠ সহযোগী অভিনেতা (ৰবি কিষাণ), শ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচক) (প্ৰতিভা ৰন্ত)। তদুপৰি ছবিখনে শ্ৰেষ্ঠ সংগীত এলবাম, শ্ৰেষ্ঠ গীতৰ কথা, শ্ৰেষ্ঠ চিত্ৰনাট্য, শ্ৰেষ্ঠ সংলাপ, শ্ৰেষ্ঠ সাজ-পোছাক, শ্ৰেষ্ঠ পটভূমি স্ক’ৰ, শ্ৰেষ্ঠ মহিলা আত্মপ্ৰকাশ, আৰু শ্ৰেষ্ঠ প্লেবেক গায়িকাকে ধৰি কেইবাটাও শাখাতো বঁটা লাভ কৰে আৰু সন্ধিয়াটো লাপতা লেডিজৰ নামত হৈ পৰে।

অভিষেক বচ্চন আৰু কাৰ্তিক আৰ্য্যন শ্ৰেষ্ঠ অভিনেতা হিচাপে নিৰ্বাচিত-

এই বছৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটাত এটা আকৰ্ষণীয় টুইষ্ট দেখা গ'ল: অভিষেক বচ্চনক তেওঁৰ আৱেগিক নাটক আই ৱাণ্ট টু টকৰ বাবে আৰু কাৰ্তিক আৰ্য্যনক তেওঁৰ ক্ৰীড়া বায়'পিক চন্দু চেম্পিয়নৰ বাবে যৌথভাৱে সন্মানিত কৰা হয়। দুয়োজনে মঞ্চত ইজনে সিজনক সাৱটি ধৰিলে, সেই মুহূৰ্তটো স্মৰণীয় কৰি তুলিলে। ইফালে কিল ছবি খনে শ্ৰেষ্ঠ পুৰুষ অভিষেক (লক্ষ্য লালৱানী), শ্ৰেষ্ঠ একচন, শ্ৰেষ্ঠ সম্পাদনা, আৰু শ্ৰেষ্ঠ শব্দ ডিজাইনৰ শাখাতো কিলয়ে পতিয়ন যোগ্যভাৱে জয়লাভ কৰে। 'মুঞ্জ্যা'ই শ্ৰেষ্ঠ ভিএফএক্সৰ সন্মান লাভ কৰাৰ বিপৰীতে 'আই ৱাণ্ট টু টক'য়ে শ্ৰেষ্ঠ ছবি (সমালোচক) আৰু শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্যৰ সন্মান লাভ কৰে।

আলিয়া ভাটৰ অভিনয়ক সন্মান -

আলিয়া ভাটে 'জিগ্ৰা' ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে। যদিও ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন নকৰিলেও আলিয়াৰ বলিষ্ঠ অভিনয়ে তেওঁক এই সন্মান অৰ্জন কৰিছিল। ৰাজকুমাৰ ৰাৱে ‘শ্ৰীকান্ত’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতা (সমালোচক) বঁটা লাভ কৰে। নৱাগত পৰিচালকৰ ভিতৰত কুনাল খেমু (মদগাঁও এক্সপ্ৰেছ) আৰু আদিত্য সুহাছ জম্ভালে (আৰ্টিকেল ৩৭০)ক সন্মানিত কৰা হয়।

জীৱনজোৰা সাধনা আৰু চিনে আইকন বঁটা-

এইবাৰ জিনাত আমান আৰু শ্যাম বেনেগালক জীৱনজোৰা সাধনা (লাইফটাইম এচিভমেণ্ট) বঁটাৰে সন্মানিত কৰা হয়। ভাৰতীয় চিনেমাৰ মহান ব্যক্তি নুতন, মীনা কুমাৰী, কাজোল, শ্ৰীদেৱী, জয়া বচ্চন, অমিতাভ বচ্চন, বিমল ৰায়, শ্বাহৰুখ খান, কৰণ জোহৰ, আৰু ৰমেশ চিপ্পী (শোলয়)ক চিনে আইকন বঁটা প্ৰদান কৰা হয়।

সংগীত আৰু নৃত্য মহোৎসৱ-

শ্ৰেষ্ঠ নৃত্য প্ৰদৰ্শনৰ বঁটা বস্কো-চিজাৰক বেড নিউজৰ ছুপাৰহিট গীত টাউবা টাউবাৰ বাবে প্ৰদান কৰা হয়। ইফালে স্ত্ৰী ২ৰ আজ কি ৰাত গীতেৰে দৰ্শকৰ হৃদয় জয় কৰা মধুবন্তী বাগচিয়ে শ্ৰেষ্ঠ মহিলা পাৰ্শ্বগায়িকা বঁটা লাভ কৰে।

মুঠতে ৭০ সংখ্যক ফিল্মফেয়াৰ বঁটা ২০২৫ কেৱল এক অনুষ্ঠান নহয়, ভাৰতীয় চিনেমাৰ ভৱ্যতা, বৈচিত্ৰ্য, আৰু আৱেগৰ উদযাপন আছিল। শ্বাহৰুখ খানৰ চমকপ্ৰদ হোষ্টং, কৃতি ছাননৰ হৃদয় ছুই যোৱা শ্ৰদ্ধাঞ্জলি, আৰু লাপতা লেডিজৰ বাবে ঐতিহাসিক জয়য়ে ইয়াক আগন্তুক বছৰবোৰৰ বাবে স্মৰণীয় কৰি তুলিছিল।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande