ইম্ফল, ১২ অক্টোবৰ(হি.স.)। মণিপুৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে বিগত ২৪ ঘন্টাত চলাই থকা পৃথক পৃথক অভিযানত বিভিন্ন উগ্ৰপন্থী সংগঠনৰ তিনি কেডাৰক গ্ৰেপ্তাৰ কৰিছে। ধৃত উগ্ৰপন্থীৰ পৰা আৰু আন এক অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হয়।
মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে আজি জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে থৌবাল জিলাৰ য়াইৰিপক থানাৰ অন্তৰ্গত য়াইৰিপক বজাৰৰ পৰা নিৰাপত্তা বাহিনীয়ে কেচিপি (আপুনবা)ৰ এজন সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰিছে। থৌবাল জিলাৰ য়াইৰিপক লেইৰংথেল মাখা লেইকাইৰ নিবাসী খুমন্থেম নাওচা (৩৩) বুলি জানিব পৰা গৈছে।
ইফালে নিৰাপত্তা বাহিনীয়ে বিষ্ণুপুৰ জিলাৰ বিষ্ণুপুৰ থানাৰ অন্তৰ্গত ৬ নং বিষ্ণুপুৰ ৱাৰ্ডৰ পৰা কেচিপিৰ সক্ৰিয় কেডাৰ মইৰাংথেম মোহন সিং ওৰফে পৰি (৪২)ক গ্ৰেপ্তাৰ কৰে। তেওঁৰ হাতত এটা এছ এম কাৰ্বাইন আৰু এটা মেগজিন, দুটা এ কে ছিৰিজৰ মেগজিন, ২৪ ৰাউণ্ড এ কে ছিৰিজৰ কাৰ্টিজ, এটা কেমফ্লেজ টি-চাৰ্ট, এটা মোবাইল ফোন, আৰু দুখন চিম কাৰ্ড উদ্ধাৰ কৰা হৈছে।
একেধৰণৰ ঘটনাত নিৰাপত্তা বাহিনীয়ে বিষ্ণুপুৰ জিলাৰ মইৰাং থানাৰ অন্তৰ্গত ওম্বা হিল ক্ৰছিং এলেকাৰ পৰা বিষ্ণুপুৰ জিলাৰ চান্দপুৰ মায়াই লেইকাইৰ নিবাসী হেইছনাম সনাথোই মেইটেই ওৰফে নানাও (৩৬) নামৰ এজন সক্ৰিয় কেচিপি (টাইবাংগনবা) কেডাৰক গ্ৰেপ্তাৰ কৰে। মৈৰাং অঞ্চলত জনসাধাৰণৰ পৰা ধন দাবীৰ লগত জড়িত আছিল। তেওঁৰ হাতত এটা মোবাইল ফোন আৰু এখন দুচকীয়া বাহন জব্দ কৰে।
ইফালে আন এক অভিযানত নিৰাপত্তা বাহিনীয়ে ইম্ফল পশ্চিম জিলাৰ পাটছ’ই থানাৰ অন্তৰ্গত খোংগাখুল আৰু লংগা ক’ইৰেং গাঁও সংযোগ কৰা ঙাইৰাংবাম ল’কন আইভিআৰৰ পৰা বৃহৎ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ ভঁৰাল উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ ভিতৰত আছে এটা মেগজিনসহ এটা .৩০৩ ৰাইফল, এটা মেগজিনযুক্ত এটা মডিফাইড .৩০৩ ৰাইফল, এটাকৈ মেগজিন থকা পাঁচটা পিষ্টল, পাঁচটা হেলমেট, চাৰিটা মেগজিন পাউচযুক্ত বিপি ভেষ্ট, বিপি হিচাপে ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা আঠখন প্লেট, চাৰ্জাৰৰ সৈতে এটা বাওফেং হেণ্ডহেল্ড চেট, ১০ যোৰ কেমফ্লেজ পেণ্ট আৰু সংশ্লিষ্ট কেমফ্লেজ চাৰ্ট, আৰু চাৰিটা বেগ।
ইফালে বিভিন্ন জিলাৰ সীমান্ত আৰু স্পৰ্শকাতৰ অঞ্চলত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰু এলেকা আধিপত্য অব্যাহত ৰাখিছে, যাৰ ফলত অস্ত্ৰ-শস্ত্ৰ আৰু গুলী উদ্ধাৰ হয়। মণিপুৰৰ বিভিন্ন জিলাত পাহাৰ আৰু উপত্যকা উভয়তে মুঠ ১১৫টা নাকা/চেকপইণ্ট স্থাপন কৰা হৈছিল যদিও কোনো লোকক আটক কৰা হোৱা নাছিল।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ