আন্টানানাৰিভো, ১২ অক্টোবৰ (হি.স.)। মাদাগাস্কাৰত চলি থকা প্ৰতিবাদে শনিবাৰে নতুন ৰূপ ধাৰণ কৰিলে যেতিয়া একাংশ সেনা জোৱানে যুৱ প্ৰতিবাদকাৰী (জেনেৰেচন জেড আন্দোলন)ৰ সৈতে যোগ দি ৰাজধানী আন্টানানাৰিভোৰ ঐতিহাসিক ‘১৩ মে’ স্কোৱাৰ’ত প্ৰৱেশ কৰে। এই স্থানতে দেশৰ ৰাজনৈতিক ইতিহাসত বহু বৃহৎ আন্দোলনৰ কেন্দ্ৰবিন্দু হৈ আহিছে।
এই প্ৰতিবাদসমূহ ২৫ ছেপ্টেম্বৰৰ পৰা পানী আৰু বিদ্যুতৰ তীব্ৰ নাটনিৰ প্ৰতিবাদত আৰম্ভ হৈছিল যদিও এতিয়া ৰাষ্ট্ৰপতি এণ্ড্ৰি ৰাজোলিনাৰ বিৰুদ্ধে এক ব্যাপক ৰাজনৈতিক প্ৰত্যাহ্বানত পৰিণত হৈছে। প্ৰতিবাদকাৰীয়ে এতিয়া ৰাষ্ট্ৰপতিৰ পদত্যাগ, সংসদৰ উচ্চ সদন আৰু নিৰ্বাচন আয়োগ ভংগৰ দাবী উত্থাপন কৰিছে।
শনিবাৰে পৰিস্থিতি তীব্ৰতৰ হৈ পৰে যেতিয়া সেনাৰ কেপছেট (CAPSAT) ইউনিটে ৰাষ্ট্ৰপতিৰ নিৰ্দেশক অৱমাননা কৰি যুৱসকলৰ প্ৰতি সমৰ্থন ৰাজহুৱাভাৱে ঘোষণা কৰে। ২০০৯ চনত হোৱা সামৰিক অভ্যুত্থানত ৰাজোলিনাক ক্ষমতালৈ অনাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ছ’চিয়েল মিডিয়াত এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে জোৱানসকলে “জনসাধাৰণৰ সৈতে থিয় দিবলৈ” আহ্বান জনাইছে।
এই পৰিঘটনাৰ পিছতে সেনা প্ৰধান জেনেৰেল জোচেলিন ৰাকোট’ছনে টেলিভিছনৰ জৰিয়তে নাগৰিকসকলক শান্তি বজাই ৰাখিবলৈ আৰু আলোচনাৰ জৰিয়তে পৰিস্থিতি স্বাভাৱিক কৰিবলৈ আহ্বান জনায়। তেওঁ গীৰ্জাৰ নেতাসকলকো মধ্যস্থতা কৰিবলৈ কয়।
ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ৰাজোয়েলিনাই ৰাজনৈতিক অসন্তুষ্টি দমনৰ প্ৰয়াসত নিজৰ মন্ত্ৰীসভা ভংগ কৰি নতুন প্ৰধানমন্ত্ৰী নিযুক্তি দিছিল যদিও ইয়াৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাছিল।
ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি এই প্ৰতিবাদত এতিয়ালৈকে ২২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ৰো অধিক লোক আহত হৈছে। কিন্তু এই পৰিসংখ্যাৰ সৈতে চৰকাৰৰ একমত নহয়, আৰু ৰাষ্ট্ৰপতিয়ে কয় যে মৃত্যুৰ সংখ্যা ১২ জন।
মাদাগাস্কাৰৰ ‘১৩ মে’ স্কোৱাৰ’লৈ ৰাজহুৱা সমাৱেশ ঘূৰি অহাটো দ্বীপ ৰাষ্ট্ৰখনৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তনৰ চিন হিচাপে দেখা গৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া