সাত দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বজালী নিত্যানন্দ লক্ষ্মী পুজা উদযাপন
সাত দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বজালী নিত্যানন্দ লক্ষ্মী পুজা উদযাপন।
সাত দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বজালী নিত্যানন্দ লক্ষ্মী পুজা উদযাপন


বৰপেটা, ১২ অক্টোবৰ (হি.স.): সাত দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বজালী নিত্যানন্দ লক্ষ্মী পুজা উদযাপন কৰা হৈছে। ষষ্ঠ দিনাও লক্ষ্মীক পূজা স্থলীত এক উখাল মাখাল পৰিবেশ বিৰাজ কৰা দেখা পোৱা যায়।

নামনি অসমৰ এক উল্লেখনীয় লক্ষ্মী পূজা হৈছে বজালী নিত্যানন্দ লক্ষ্মী পুজা। ষষ্ঠ দিনাও লোকে লোকাৰণ্য হৈ পৰিল নিত্যানন্দ পুজা স্থলী। ৫৮ সংখ্যক লক্ষ্মী পূজাৰ জুবিন গাৰ্গ সোঁৱৰণী মঞ্চত গদাধৰ ৰেৱতী স্মৃতি ন্যাসৰ ফালৰ পৰা বজালীৰ বিশিষ্ট পশু চিকিৎসক ডা° ধ্ৰুৱ জ্যোতি কলিতাক গদাধৰ ৰেৱতী ২০২৫ বঁটা প্ৰদান কৰে লক্ষ্মী পূজা উদযাপন সমিতিয়ে। উক্ত বঁটাত চেলেং চাদৰ, মানপত্ৰ, স্মাৰক আৰু নগদ ধনেৰে সন্মানিত কৰে।

উক্ত বঁটা প্ৰদান অনুষ্ঠানত বজালী প্ৰাক্তন ছাত্ৰ নেতা ফণী পাঠক, অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰয়, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক মৃদুল তালুকদাৰৰ লগতে বিশিষ্ট শিক্ষাবিদ ৰঞ্জিত ডেকা, সাদিন প্ৰতিদিন গোষ্ঠীৰ প্ৰকাশক যতীন চৌধুৰীৰ লগতে বিভিন্ন জন ব্যক্তি উপস্থিত থাকে । জুবিন গাৰ্গ সোঁৱৰণী মঞ্চ পৰাই সকলোৱে সমস্বৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় লাগিবই বুলি দোহাৰে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় নোপোৱা প্ৰজ্যন্ত শান্তিৰে নাথাকে অসমীয়া ৰাইজ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande