যাতায়ত বন্ধ হৈ পৰা বেকী নদীৰ ওপৰৰ কৰাৰকুম দলং পৰিদৰ্শন বিধায়ক হাফিজ ৰফিকুল ইছলামৰ
জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে কেইবাদিন ধৰি বিকল হৈ থকা বেকী নদীৰ ওপৰত কৰাৰকুমত দলংত যাতায়ত বন্ধ হৈ থকা ঠাইত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
যাতায়ত বন্ধ হৈ পৰা বেকী নদীৰ ওপৰৰ কৰাৰকুম দলং পৰিদৰ্শন বিধায়ক হাফিজ ৰফিকুল ইছলামৰ


বৰপেটা ১২ অক্টোবৰ (হি.স.): যাতায়ত বন্ধ হৈ পৰা বেকী নদীৰ ওপৰৰ কৰাৰকুম দলং পৰিদৰ্শন কৰে জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে । বিধায়ক গৰাকীয়ে কেইবাদিন ধৰি বিকল হৈ থকা বেকী নদীৰ ওপৰত কৰাৰকুমত দলং খনৰে যাতায়ত বন্ধ হৈ থকা ঠাইত কালি বিয়লি উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

বিধায়কজনে পৰিস্থিতি অনুধাৱন কৰি মাত্ৰ ১০ বছৰ পিছতেই দলংখনৰ এটা অংশ বহি যোৱাত ক্ষোভ প্ৰকাশ কৰি শীঘ্ৰে যাতায়ত ব্যৱস্থা সুচল কৰাৰ দাবী জনায়। এই দলং খনৰে বৰপেটা-বঙাইগাঁও সংযোগ তথা বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ ৰোগী যাব নোৱাৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইফালে জিলা আয়ুক্তৰ লগতে উচ্চ পৰ্যায়ৰ বিষয়াৰ লগত আলোচনা কৰি বিশেষজ্ঞ দলৰ উপস্থিতিত দলং খনৰ মেৰামতি কৰি যাতায়ত সুচল কৰাৰ ব্যৱস্থা কৰিব লাগে বুলি মন্তব্য কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande