মেঘালয়ত আই ই ডি উদ্ধাৰ
ৰি-ভোই , ১২ অক্টোবৰ (হি.স.)। ৰি-ভয় জিলাৰ উমছিং বজাৰ অঞ্চলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা আই ই ডি। দেওবাৰে আৰক্ষীয়ে জনোৱা মতে, যোৱা নিশা এটা সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল যে উমছিং বজাৰৰ এটা অচিনাক্ত চৌহদত সন্দেহযুক্ত বিস্ফোৰক সামগ্ৰী থকা এটা গৰাকীবি
बैग से आईडी बरामद


बैग से आईडी बरामद


ৰি-ভোই , ১২ অক্টোবৰ (হি.স.)। ৰি-ভয় জিলাৰ উমছিং বজাৰ অঞ্চলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা আই ই ডি। দেওবাৰে আৰক্ষীয়ে জনোৱা মতে, যোৱা নিশা এটা সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল যে উমছিং বজাৰৰ এটা অচিনাক্ত চৌহদত সন্দেহযুক্ত বিস্ফোৰক সামগ্ৰী থকা এটা গৰাকীবিহীন বেগ উদ্ধাৰ কৰা হৈছে।

তথ্য অনুসৰি ৰি-ভোই আৰক্ষীৰ দলটোৱে অভিযান আৰম্ভ কৰি মেঘালয় গ্ৰাম্য বেংকৰ বিপৰীতে থকা এটা চৌহদত বেগটো উদ্ধাৰ কৰে। পিছত বিস্ফোৰক পৰীক্ষা কৰিবলৈ এটা দল মাতি অনা হয়। এজন বিশেষজ্ঞই নিশ্চিত কৰিছে যে গৰাকিহীন বেগটোত বিস্ফোৰক সামগ্ৰী আছিল। ইয়াৰ পিছত দলটোৰ বিশেষজ্ঞতা ব্যৱহাৰ কৰি আই ই ডি সফলতাৰে নিষ্ক্ৰিয় কৰা হয়।

বিশ্লেষণত দেখা গ’ল যে আই ই ডি ৪.৭ কিলোগ্ৰাম জেলেটিন, ১০টা ডিটনেটৰ, আৰু প্ৰায় ৫০ টুকুৰা লোহাৰ ৰড ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছিল।

সকলো সাৱধানতা অৱলম্বন কৰি আৰু মানক পৰিচালনা পদ্ধতি অনুসৰি চেকপইণ্টত সকলো সামগ্ৰী জব্দ কৰা হয়। অপাৰেচনৰ সময়ত কোনো লোকৰ প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতি হোৱা নাই।

আৰক্ষীয়ে জনোৱা মতে, এজন সন্দেহযুক্ত লোকক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ চেষ্টা অব্যাহত আছে। এটা গোচৰ ৰুজু কৰি অধিক তদন্ত আৰম্ভ কৰা হৈছে।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande