ইম্ফলত বিপুল পৰিমাণৰ ড্ৰাগছ জব্দ, আটক তিনি অভিযুক্ত
ইম্ফল, ১২ অক্টোবৰ (হি.স.)। হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে ড্ৰাগছ আৰু অবৈধ অস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে আজি জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰা হৈছে যে তিনিজন সৰব
मणिपुरः मादक पदार्थ के साथ गिरफ्तार तीन ड्रग्स तस्कर


ইম্ফল, ১২ অক্টোবৰ (হি.স.)। হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে ড্ৰাগছ আৰু অবৈধ অস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে আজি জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰা হৈছে যে তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে পৃথক পৃথক অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে।

আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি ইম্ফল পশ্চিম জিলাৰ ইম্ফল থানাৰ অন্তৰ্গত উত্তৰ এ অ’ চি এলেকাৰ পৰা থৌবাল জিলাৰ থৌবাল মইছিং লিংগোচিঙৰ বাসিন্দা মহম্মদ ৱাহিদুৰ ৰহমান (৪৩) নামৰ এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেওঁৰ হাতত প্ৰায় ৩০১ গ্ৰাম ওজনৰ ৫৪৪টা চেমপ্লেক্স প্লাছ (Semplex+) কেপচুল জব্দ কৰা হৈছে।

তদন্তত প্ৰকাশ পাইছে যে ধৃত ব্যক্তিজন মণিপুৰ আৰক্ষী বিভাগত কৰ্মৰত এজন ৰাইফল মেন। মণিপুৰ আৰক্ষীয়ে কোনো ধৰণৰ অবৈধ ড্ৰাগছ সম্পৰ্কীয় কাম-কাজত জড়িত পোৱা সকলো সদস্যৰ বিৰুদ্ধে কঠোৰ স্থিতি পুনৰবাৰ প্ৰকাশ কৰিছে। অনুশাসনমূলক ব্যৱস্থাৰ উপৰিও এনে অপৰাধীৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগকে ধৰি এফআইআৰ দাখিল কৰাটো বাধ্যতামূলক।

আন এক অভিযানত নিৰাপত্তা বাহিনীয়ে নিজ নিজ অঞ্চলৰ পৰা দুজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। থৌবাল জিলাৰ লিলং লিটন মাখোঙৰ নিবাসী মহম্মদ খুৰশ্বিদ আলম (২১) আৰু ইম্ফল পূৱ জিলাৰ খেৰগাও আৱাং লেইকাইৰ নিবাসী মহম্মদ আকবৰ (৩৭) বুলি জানিব পৰা গৈছে।

তেওঁলোকৰ হাতত উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে প্ৰায় ৩ কিলোগ্ৰাম হেৰ’ইন আৰু আঠ বটল চাইকোট্ৰপিক টাছৰেক্স-টি আৰ চিৰাপ, ড্ৰাগছ বিক্ৰীৰ পৰা পোৱা ধন ৯৫৭,০০০ ₹, এটা এছ বি বি এল বন্দুক আৰু দুটা কাৰ্টিজ, এখন চাৰিচকীয়া বাহন (হুণ্ডাই ক্ৰেটা), আৰু চাৰিটা মোবাইল ফোন। এই সন্দৰ্ভত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande