মৰিগাও, ১২ অক্টোবৰ (হি.স.)। জাগীৰোড লায়ন্স ক্লাবৰ উদ্যোগত আৰু গুৱাহাটী লায়ন্স ক্লাব অনমূল তথা গুৱাহাটী শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত দেওবাৰে জাগীৰোডত বিনামূলীয়া চকু পৰীক্ষা আৰু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় । এই চকু পৰীক্ষা শিবিৰত অঞ্চলটোৰ তিনি শতাধিক পুৰুষ মহিলা আৰু বয়োজ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰে ।
এই শিবিৰৰ অন্তত যি সকল লোক চকু চানিপৰা ৰোগ নিৰ্ণয় কৰা হ'ব সেই সকলক গুৱাহাটী শংকৰদেৱ নেত্ৰালয়ত বিনামূলীয়াকৈ পৰ্যায়ক্ৰমে অস্ত্ৰোপচাৰ কৰা হ'ব বুলি জানিবলৈ দিয়ে লায়ন্স ক্লাবৰ বিষয়ববীয়া সকলে । উল্লেখযোগ্য যে বিগত বৰ্ষ সমূহতো লায়ন্স ক্লাবে এই ধৰণৰ চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি আহিছে ।
হিন্দুস্থান সমাচাৰ / Narayan Kar