শিলচৰত ধুবুৰীৰ এজন শিক্ষকক পৰিকল্পিত ভাবে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ
কাছাৰ, ১২ অক্টোবৰ (হি.স.)। বিদ্যালয়ৰ দুৰ্নীতি, অনিয়মৰ লগতে শিক্ষা ব্যৱস্থাৰ কলা অধ্যায় উন্মোচন কৰি দিয়াই যেন কাল হল শিক্ষক গৰাকীৰ বাবে। শিলচৰ বৰখোলা অঞ্চলৰ ৯৩৭ নম্বৰ উজান নগৰ এল পি স্কুলৰ প্ৰধান শিক্ষক অৰিন্দম কুন্দুৰ ৰহস্যজনক মৃত্যুৰ আজি ২০ টা দিন
শিলচৰত ধুবুৰীৰ এজন শিক্ষকক পৰিকল্পিত ভাবে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ


কাছাৰ, ১২ অক্টোবৰ (হি.স.)। বিদ্যালয়ৰ দুৰ্নীতি, অনিয়মৰ লগতে শিক্ষা ব্যৱস্থাৰ কলা অধ্যায় উন্মোচন কৰি দিয়াই যেন কাল হল শিক্ষক গৰাকীৰ বাবে। শিলচৰ বৰখোলা অঞ্চলৰ ৯৩৭ নম্বৰ উজান নগৰ এল পি স্কুলৰ প্ৰধান শিক্ষক অৰিন্দম কুন্দুৰ ৰহস্যজনক মৃত্যুৰ আজি ২০ টা দিন। আজিও অন্ধকাৰত শিক্ষক গৰাকীৰ মৃত্যুৰ ৰহস্য। শোকস্তব্ধ ধুবুৰীৰ শিক্ষক পৰিয়াল। ন্যায় বিচাৰি মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীলৈ কাতৰ অনুৰোধ শিক্ষক পৰিয়ালৰ।

শুক্ৰবাৰে নিশা ৮ বজাত সংবাদ মাধ্যমৰ আগত পৰিয়ালৰ লোকে জনোৱা অনুসৰি ধুবুৰী চহৰৰ আই জি ৰোডৰ বাসিন্দা অশোক কুমাৰ কুন্দুৰ একমাত্ৰ পুত্ৰ অৰিন্দম কুন্দু ২০২৩ চনত শিক্ষকৰ চাকৰি লাভ কৰিছিল। কিছুদিন পূৰ্বে অৰিন্দম কুন্দুৱে ৯৩৭ নম্বৰ উজান নগৰ এল পি স্কুলৰ প্ৰধান শিক্ষক হিচাপে নিয়োজিত হৈ আছিল। তেনে সময়তে ধুবুৰীৰ বিলাসীপাৰা লৈ বদলি হৈছিল শিক্ষকজনৰ। কিন্তু যোৱা ১৭ ছেপ্টেম্বৰত এনঅচি ৰ বাবে ৯৩৭ নম্বৰ উজান নগৰ এল পি স্কুলত উপস্থিত হৈ বিদ্যালয় খনত চলি থকা ব্যাপক দুৰ্নীতি, অনিয়ম আৰু একাংশ শিক্ষকৰ গুণ্ডাৰাজৰ বিষয়ে ফেচবুক লাইভত গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ পিছদিনাই শিলচৰৰ তাৰাপুৰ ৰেল লাইনৰ কাষত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল শিক্ষক অৰিন্দম কুন্দু নামৰ শিক্ষক জনৰ মৃতদেহ।

শিক্ষক জনক পৰিকল্পিত ভাবে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। ইতিমধ্যে ঘটনা সন্দৰ্ভত বদৰপুৰ ৰেল আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছে। যদিওঁ আজিলৈকে কোনো তথ্য লাভ কৰা নাই ৰেল আৰক্ষী। ইপিনে পৰিয়ালৰ অভিযোগ। অৰিন্দম কুন্দুক বিদ্যালয় খনৰেই শিক্ষক, চি আৰ চি চি আৰু খণ্ড উন্নয়ন বিষয়াৰ পৰা আৰম্ভ কৰি বৃহৎ চক্ৰই মিলি পৰিকল্পিত ভাবে হত্যা কৰিছে।

এতিয়া সমগ্ৰ ঘটনাৰ তদন্ত কৰি শিক্ষক অৰিন্দম কুন্দুৰ লগতে শিক্ষক পৰিয়ালক ন্যায় দিবলৈ মুখ্যমন্ত্ৰী লৈ কাতৰ আহ্বান ভুক্তভোগী শিক্ষক পৰিয়ালৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande