গুৱাহাটীত উন্মোচন কৰিলে গৰিমা শইকীয়া গাৰ্গে
নলবাৰী, ১২ অক্টোবৰ (হি.স.): অসমৰ প্ৰাণৰ শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গৰ জীৱন আৰু কৃতি, জীৱনাদৰ্শনৰ প্ৰভাৱৰ ওপৰত তৰাৰ দেশলৈ সংগীতৰ ভগৱান জুবিন শীৰ্ষক গ্ৰন্থখন আজি উন্মোচন কৰা হয়। নলবাৰী প্ৰেছ ক্লাবত যোৱা কালি শনিবাৰে সন্ধিয়া অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ন অনুষ্ঠানত সাংবাদিক মজিবুৰ ৰহমানৰ দ্বাৰা ৰচিত গ্ৰন্থখন উন্মোচন কৰে নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমল নয়ন পাটোৱাৰীয়ে।
অনুষ্ঠানটোত গ্ৰন্থখন উন্মোচন কৰি অধ্যক্ষ ড৹ কমল নয়ন পাটোৱাৰীয়ে কয় যে প্ৰিয় শিল্পী গৰাকীৰ মৃত্যুৰ পিছত ৰাজ্যৰ সকলো শ্ৰেণীৰ লোক শোকাহত হৈ আছে। অসমীয়া কি, অসমীয়াৰ সংজ্ঞা কি যিজন মহান পুৰুষে শিকাই থৈ গ'ল, সেইজনেই আছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। জুবিন মানে তৰোৱাল। এই তৰোৱালেৰে সংকীৰ্ণতাক কাটি এখন বৰ অসম গঢ়াৰ অহোপুৰুষাৰ্থ কৰিছিল তেওঁ । অনুৰাগী সকলেই নহয় সকলো শ্ৰেণীৰ লোকেই এইগৰাকী শিল্পীক জীয়াই ৰাখিব লাগিব। সাংবাদিক মজিবুৰ ৰহমানে শিল্পী গৰাকীৰ অসাধাৰণ জীৱন আৰু কৃতিৰ ওপৰত ৰচনা কৰাটো এক মহৎ প্ৰচেষ্টা।
অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি বৰভাগ মহাবিদ্যালয়ৰ অধ্যাপক, লেখক ড° সুশান্ত কুমাৰ কাশ্যপে কয়- সাংবাদিক ৰহমানৰ প্ৰচেষ্টা প্ৰশংসনীয়।
সাংবাদিক মজিবুৰ ৰহমানে অশেষ কষ্ট কৰি শিল্পী গৰাকীৰ মৃত্যুৰ পাছত প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। এয়া সঁচাকৈয়ে প্ৰশংসনীয় কাম।
সভাত বিশিষ্ট কবি ওৱাহিদুজ জামানে শিল্পী গৰাকীৰ ৰহস্যজনক মৃত্যুৰ শীঘ্ৰে ন্যায় দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়। সভাৰ প্ৰাৰম্ভতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে আৰু উপস্থিত সকলোৱে পুস্পাঞ্জলী প্ৰদান কৰে|
ইপিনে সাংবাদিক মজিবুৰ ৰহমানে লিখি উলিওৱা তৰাৰ দেশলৈ সংগীতৰ ভগৱান জুবিন শীৰ্ষক গ্ৰন্থখনি আজি নলবাৰীৰ লগতে গুৱাহাটীতো উন্মোচন কৰা হয় । প্ৰথমে মানৱ দৰদী শিল্পীগৰাকীৰ কাহিলীপাৰাৰ গৃহত গ্ৰন্থখন বাকলি গুচাই আনুষ্ঠানিকভাৱে উন্মোচন কৰে প্ৰাণৰ শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ।
গ্ৰন্থখন উন্মোচন কৰি গৰিমা শইকীয়া গাৰ্গে কয় মোক ন্যায় লাগিবই । কেনেকৈ মানুহজন নোহোৱা হ’ল আমি জানিব লাগিব । মুঠতে মোক ন্যায় লাগিবই বুলি পুনৰবাৰ নিজৰ মত ব্যক্ত কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ