জুবিন গাৰ্গৰ অনুপম চিত্ৰ অংকনেৰে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ প্ৰাপক জনপ্ৰিয় চিত্ৰশিল্পী ৰাতুমণি দাসৰ বিশেষ শ্ৰদ্ধাঞ্জলি
Assam, 12 জুবিন গাৰ্গৰ অনুপম চিত্ৰ অংকনেৰে তেজপুৰৰ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ প্ৰাপক জনপ্ৰিয় চিত্ৰশিল্পী ৰাতুমণি দাসৰ বিশেষ শ্ৰদ্ধাঞ্জলি –মৃত্যু ৰহস্যৰ শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অৱসানৰ মুখ্যমন্ত্ৰীক কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান শোণিতপুৰ, ১২ অক্টোব
জুবিন গাৰ্গৰ অনুপম চিত্ৰ অংকনেৰে তেজপুৰৰ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ প্ৰাপক জনপ্ৰিয় চিত্ৰশিল্পী ৰাতুমণি দাসৰ বিশেষ শ্ৰদ্ধাঞ্জলি


Assam, 12

জুবিন গাৰ্গৰ অনুপম চিত্ৰ অংকনেৰে তেজপুৰৰ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ প্ৰাপক জনপ্ৰিয় চিত্ৰশিল্পী ৰাতুমণি দাসৰ বিশেষ শ্ৰদ্ধাঞ্জলি

–মৃত্যু ৰহস্যৰ শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অৱসানৰ মুখ্যমন্ত্ৰীক কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান

শোণিতপুৰ, ১২ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰপতিৰ পৰা পুৰষ্কাৰ লাভ কৰা তেজপুৰৰ জনপ্ৰিয় চিত্ৰশিল্পী ৰাতুমণি দাসে এক্ৰিলিক শৈলীৰে অংকণ কৰি উলিয়াইছে অসম আৰু অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ এখন অতি অনুপম চিত্ৰ । ৰং আৰু তুলিকাৰ সমাহাৰেৰে তেজপুৰবাসীৰ মৰমৰ শিল্পী ৰাতুমনি দাসে অংকণ কৰি উলিওৱা এই অনুপম ছবিখন দুফুট বাই আঢ়ৈ ফুটৰ ।

সততে শিল্পীৰ যি সৃষ্টিকৰ্ম সেই কৰ্মক বিশেষভাৱে হৃদয়ংগম কৰিব পাৰে কেৱল শিল্পীয়েহে । সেয়েহে ৰাতুমণি দাসৰ যাদুকৰী হাতৰ পৰশত একপ্ৰকাৰ জীৱন্ত ৰূপত উদ্ভাসিত হৈ পৰিছে জুবিন গাৰ্গৰ এই চিত্ৰখন । এনে এখন চিত্ৰৰেই গণশিল্পী জুবিন গাৰ্গৰ প্ৰতি তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা বুলি আজি সাংবাদিকৰ আগত মন্তব্য কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান জনাইছে চিত্ৰশিল্পী ৰাতুমণিয়ে যাতে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে দৃঢ় পদক্ষেপ গ্ৰহণ কৰে ।

জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গ'লেও তেওঁৰ সৃষ্টিৰাজিৰ জৰিয়তেই আমাৰ মাজত সদায় জীয়াই থাকিব বুলি মন্তব্য কৰে। লগতে সাংবাদিকৰ আগত আজি ৰাতুমণি দাসে জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুৰ পিছত মৃত্যুৰ ৰহস্য উদ্ঘাটনক কেন্দ্ৰ কৰি ৰাজ্যখনত যি শ্বাসৰুদ্ধকৰ পৰিৱেশ সৃষ্টি হৈছে আৰু ইয়াকে কেন্দ্ৰ কৰি সামাজিক মাধ্যমৰ ভাষা নিন্ম পৰ্যায়লৈ গতি কৰিছে তাৰ অৱসানৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande