ঝাৰখণ্ডত আই-ই-ডি বিস্ফোৰণত শ্বহীদ অসমৰ সেনা জোৱানৰ নশ্বৰ দেহ বাসগৃহত উপস্থিত
নঁগাৱ, ১২ অক্টোবৰ (হি.স.)। ঝাৰখণ্ডত আই ই ডি বিস্ফোৰণত শ্বহীদ অসমৰ সেনা জোৱানৰ নশ্বৰ দেহ বাসগৃহত উপস্থিত। ঝাৰখণ্ডত আই ই ডি বিস্ফোৰণত শ্বহীদ হোৱা কামপুৰ কুঁৱৰীআটি গাঁৱৰ মহেন্দ্ৰ লস্কৰৰ নশ্বৰ দেহ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰি
ঝাৰখণ্ডত আই-ই-ডি বিস্ফোৰণত শ্বহীদ অসমৰ সেনা জোৱানৰ নশ্বৰ দেহ বাসগৃহত উপস্থিত


নঁগাৱ, ১২ অক্টোবৰ (হি.স.)। ঝাৰখণ্ডত আই ই ডি বিস্ফোৰণত শ্বহীদ অসমৰ সেনা জোৱানৰ নশ্বৰ দেহ বাসগৃহত উপস্থিত। ঝাৰখণ্ডত আই ই ডি বিস্ফোৰণত শ্বহীদ হোৱা কামপুৰ কুঁৱৰীআটি গাঁৱৰ মহেন্দ্ৰ লস্কৰৰ নশ্বৰ দেহ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে ৷ সেনা জোৱান জনৰ নশ্বৰ দেহ বিশাল ৰেলি কৰি আনি চিআৰপিএফ ৰ জোৱান সকলে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে সকলো দল সংগঠন আৰু পৰিয়াল বৰ্গই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।

যোৱা ১০ অক্টোৱৰত ঝাৰখণ্ডৰ চাইবাছা ৰেঞ্জ এলেকাত সংঘটিত হোৱা আই ই ডি বিস্ফোৰণত নিহত হৈছিল জোৱান জন । প্ৰায় ১১/১২ জনীয়া চিআৰপিএফ ৰ ৬০ বেটেলিয়নৰ দল এটাই তহল দি আগবাঢ়ি গৈ থাকোতেই সংঘটিত হয় বিস্ফোৰণটো । সেই বিস্ফোৰণতে কামপুৰ কুঁৱৰীআটি গাঁৱৰ মহেন্দ্ৰ লস্কৰ নামৰ জোৱান জন থিতাতে নিহত হোৱাৰ লগতে আন কেইজন জোৱান আহত হয় । দেশ মাতৃক ৰক্ষা কৰিবলৈ গৈ শ্বহীদ হোৱা মহেন্দ্ৰ লস্কৰৰ পৰিয়াললৈ সকলোৱে সমবেদনা জ্ঞাপন কৰিছে । কান্দোনত ভাঙি পৰিছে মাতৃ, পত্নী, সন্তানৰ লগতে সমগ্ৰ পৰিয়াল । শ্বহীদ বীৰ গৰাকীক সামৰিক মৰ্যাদাৰে শেষকৃৰ্ত্য সমাপন কৰা হয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande