নতুন দিল্লী, ১২ অক্টোবৰ (হি.স.)। ভাৰতৰ মুখ্য ন্যায়াধীশ বি.আৰ. গৱাইয়ে কয় যে ন্যায়ৰ প্ৰকৃত অৰ্থ আটাইতকৈ দুৰ্বল লোকক সুৰক্ষা দিয়াত নিহিত হৈ আছে। আইনৰ শাসনে ন্যায়, মৰ্যাদা আৰু সমতাৰ মাধ্যম হিচাপে কাম কৰিব লাগে। নিজৰ উদাহৰণ দি তেওঁ কয় যে তেওঁৰ জীৱনে সমতাৰ পৰিৱৰ্তনশীল শক্তিৰ উদাহৰণ দাঙি ধৰে। প্ৰান্তীয় সম্প্ৰদায়ত জন্মগ্ৰহণ কৰা তেওঁ বৰ্ণনা কৰিছিল যে কেনেকৈ সাংবিধানিক সুৰক্ষাই তেওঁক কেৱল সুৰক্ষাই নহয়, সন্মান, সুযোগ আৰু স্বীকৃতিও নিশ্চিত কৰিছিল।
শনিবাৰে ভিয়েটনামৰ হানয়ত অনুষ্ঠিত হোৱা এল এ এছিয়া সন্মিলনত বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তিক প্ৰসাৰত অধিৱক্তা আৰু আদালতৰ ভূমিকা বিষয়ক অধিবেশনত ভাষণ দি মুখ্য ন্যায়াধীশ বি.আৰ. গৱাইয়ে বৈচিত্ৰ্য আৰু ন্যায়িক ব্যৱস্থাত অন্তৰ্ভুক্তিৰ বাবে একত্ৰিত প্ৰচেষ্টা চলাবলৈ আহ্বান জনায়। বাৰ এণ্ড বেঞ্চত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি মুখ্য ন্যায়াধীশ বি.আৰ. গৱাইয়ে কয়, মোৰ বাবে নিম্নবৰ্ণৰ পৰিয়ালত জন্ম লোৱাৰ অৰ্থ আছিল যে মই অস্পৃশ্য হৈ জন্ম লোৱা নাছিলো। সংবিধানে কেৱল সুৰক্ষাই নহয়, সন্মান, সুযোগ আৰু স্বীকৃতিও নিশ্চিত কৰিছে, মোৰ মৰ্যাদাক আন যিকোনো নাগৰিকৰ সমান বুলি স্বীকৃতি দিছে।
মুখ্য ন্যায়াধীশ গৱাইয়ে গৌতম বুদ্ধ, মহাত্মা গান্ধী, বি.আৰ. আম্বেদকাৰ, আৰু তেওঁৰ পিতৃ আৰ. গৱাাইয়ে তেওঁৰ জীৱনত পেলোৱা প্ৰভাৱৰ আলোকপাত কৰি কয় যে ড° আম্বেদকাৰে প্ৰমাণ কৰিছিল যে আইনক স্তৰবৃত্তৰ আহিলাৰ পৰা সমতাৰ আহিলালৈ ৰূপান্তৰিত কৰিব লাগে, আৰু তেওঁৰ পিতৃয়ে তেওঁৰ মনত ন্যায় আৰু মমতাৰ মূল্যবোধৰ বীজ সিঁচিছিল। তেওঁ কয় যে যেতিয়া আইনখনে মৰ্যাদা ৰক্ষা কৰে তেতিয়া ই এজন ব্যক্তিৰ জীৱনৰ গতিপথ সলনি কৰিব পাৰে। তেওঁৰ বাবে বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তিৰ ধাৰণাটো কোনো বিমূৰ্ত সপোন নহয় বৰঞ্চ লাখ লাখ নাগৰিকৰ আকাংক্ষা।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া