গুৱাহাটী, ১২ অক্টোবৰ (হি.স.)। কংগ্ৰেছ তথা বামপন্থী শিবিৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক ৰাজনৈতিক আহিলা হিচাপে গ্ৰহণ কৰা বুলি অভিযোগ কৰি এই কাৰ্য্যক ধিক্কাৰ দিছে ৰাজ্যিক বিজেপিয়ে। এনে কাৰ্য্যৰ পৰা বিৰত থাকিবলৈ ৰাজ্যিক বিজেপি দলে দাবী জনাইছে। ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা অহা এক প্ৰেছ বিবৃতিত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ প্ৰাঞ্জল কলিতাই কয় যে সকলোৰে বাবে উচিত ন্যায় প্ৰদান কৰাতো বিজেপি দলৰ অন্যতম লক্ষ্য আৰু উদ্দেশ্য। ২০১৬ চনত অসমত বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা ৰাজ্যত অপৰাধৰ সংখ্যা যথেষ্ট হাৰত হ্ৰাস পাইছে। পূৰ্ণ গ্ৰহণশীলতাৰ নীতিৰে বিজেপি চৰকাৰে অসমৰ সকলো স্তৰৰ পৰা অপৰাধীক কৰায়ত্ত কৰি অসমৰ ৰাইজক ন্যায় প্ৰদান কৰিছে।
শেহতীয়াকৈ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ গতিৰে আগবঢ়াই নিয়াত অসমৰ বিজেপি চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। ১০০ শতাংশ খিলঞ্জীয়া ভোটাৰেৰে শাসনত অহা বিজেপি চৰকাৰ অসমৰ সকলো খিলঞ্জীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি দল বদ্ধপৰিকৰ। জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত হোৱা ব্যক্তি আইনৰ সুৰুঙাৰ সাৰি যাব নোৱাৰাকৈ ইতিমধ্যে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অসম চৰকাৰে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক অগ্ৰাধিকাৰ প্ৰদান কৰি ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত এক ন্যায়িক আয়োগ গঠন কৰিছে। অসমৰ ৬৫ লাখ বিজেপি কাৰ্য্যকৰ্তাই জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াত কোনো বিৰোধি শক্তিয়ে য়াতে বাধা আৰোপ কৰি বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ বাবে তীক্ষ্ণ দৃষ্টি ৰাখিছে।
অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দোহাই দি এক অপ্ৰীতিকৰ কামেৰে অসমক নেপাল সদৃশ পৰিৱেশৰ সৃষ্টি কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। কংগ্ৰেছ তথা বামপন্থী শিবিৰে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক ৰাজনীতিকৰণ কৰাৰ দৰে গৰিহণাৰ কামত লিপ্ত হৈছে। যি সময়ত অসমৰ সৰ্বস্তৰৰ ৰাইঝৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই শিল্পীগৰাকীক ন্যায় প্ৰদান কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে সেই সময়ত কংগ্ৰেছ তথা বামপন্থী শিবিৰে ৰাজনৈতিক উদ্দেশ্যৰে শাসনত অহাৰ বাবে দুস্কাৰ্য্যত লিপ্ত হৈছে। অসমৰ সকলোৰে হিয়াৰ আপোন শিল্পী গৰাকীক ৰাজনৈতিক আহিলা হিচাপে গ্ৰহণ কৰা কংগ্ৰেছ তথা বামপন্থী শিবিৰৰ এই দুৰ্ভাগ্যজনত কাৰ্য্যক অসমৰ প্ৰদেশ বিজেপিয়ে ধিক্কাৰ জনাইছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী