আমেৰিকাৰ ইতিহাসত ১৭৯২ চনটো ঐতিহাসিক, কাৰণ সেই বছৰতে ৰাষ্ট্ৰপতিৰ বাসগৃহ হোৱাইট হাউছৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ৱাশ্বিংটন ডি চিত অৱস্থিত এই ভৱনটোৱে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসস্থান আৰু কৰ্মক্ষেত্ৰ হিচাপে কাম কৰে।
আইৰিছ স্থপতিবিদ জেমছ হোবানে হোৱাইট হাউছৰ ডিজাইন কৰিছিল। ই আমেৰিকাৰ ৰাষ্ট্ৰপতিসকলৰ বাবে নিৰাপত্তা, প্ৰশাসনিক কাম আৰু প্ৰতিনিধিত্বৰ স্থান হিচাপে কাম কৰিছিল। ১৭৯২ চনত নিৰ্মাণৰ কাম আৰম্ভ হয় আৰু পৰৱৰ্তী সময়ত কেইবাবাৰো সম্প্ৰসাৰণ আৰু সংস্কাৰ কৰা হয়।
হোৱাইট হাউছ কেৱল আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ঘৰ নহয়, বৰঞ্চ দেশখনৰ ৰাজনৈতিক শক্তি আৰু আমেৰিকাৰ গণতন্ত্ৰৰ প্ৰতীক। ইয়াৰ আধাৰশিলা স্থাপনক আমেৰিকাৰ ইতিহাসৰ এক উল্লেখযোগ্য পৰিঘটনা বুলি গণ্য কৰা হয়, যিয়ে ৰাষ্ট্ৰীয় ৰাজধানী ৱাশ্বিংটনৰ উন্নয়নত যথেষ্ট অৰিহণা যোগাইছে।
গুৰুত্বপূৰ্ণ পৰিঘটনা-
১৭৯২ - আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বাসগৃহ হোৱাইট হাউছৰ আধাৰশিলা স্থাপন কৰা হয়।
১৯৭৬ - বলিভিয়াত বয়িং জেট বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ প্ৰায় ১০০ জন লোকৰ মৃত্যু হয়।
১৯৮৭ - কোষ্টা ৰিকান ৰাষ্ট্ৰপতি অস্কাৰ আৰিয়াছে শান্তিৰ নোবেল বঁটা লাভ কৰে।
১৯৯৯ - কলম্বিয়া বিশ্ববিদ্যালয়ৰ অৰ্থনীতিবিদ অধ্যাপক ৰবাৰ্ট মুণ্ডেলক ১৯৯৯ চনৰ নোবেল বঁটা প্ৰদান কৰা হয়।
১৯৯৯ - অটল বিহাৰী বাজপেয়ী তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হয়।
২০০০ - দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম ডায়ে জঙে শান্তিৰ নোবেল বঁটা লাভ কৰে।
২০০১ - নাইজেৰিয়াত আমেৰিকা বিৰোধী প্ৰতিবাদৰ সময়ত সংঘটিত হোৱা সাম্প্ৰদায়িক হিংসাত প্ৰায় ২০০ জন লোকৰ মৃত্যু হয়।
২০০২ - ইণ্ডোনেছিয়াৰ বালি নাইট ক্লাবত সংঘটিত হোৱা এক বৃহৎ বিস্ফোৰণত ২০০ জন লোকৰ মৃত্যু হয় আৰু ৩০০ৰো অধিক লোক আহত হয়।
২০০৩ - ডালাছত এবছৰ ধৰি চিকিৎসা পৰিকল্পনা আৰু ২৬ ঘণ্টীয়া জটিল অস্ত্ৰোপচাৰৰ অন্তত ইজিপ্তৰ যমজ সন্তানৰ সংযুক্ত মূৰ পৃথক কৰাৰ অপাৰেচন সফল হয়।
২০০৩ - আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ বাবে এজন ভাৰতীয় ছাত্ৰ নিৰ্বাচিত হয়।
২০০৩ - জাৰ্মানীয়ে ছুইডেনক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত জয়লাভ কৰে।
২০০৩ - চীনৰ লং মাৰ্চ ২এফ নামৰ মহাকাশযানখনে প্ৰথমবাৰৰ বাবে মানৱ ক্ৰুৰ সৈতে উৰা মাৰে।
২০০৩ - নতুন দিল্লীত ইন্টাৰপলৰ সদস্য দেশৰ প্ৰতিনিধিৰ এখন সন্মিলন আৰম্ভ হয়।
২০০৪ - চৌদি আৰবে বছৰি এক লাখ শ্ৰমিক হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। টাইৱানৰ শান্তিৰ পদক্ষেপক নাকচ কৰিলে চীনে।
২০০৫ - জাৰ্মানীৰ প্ৰখ্যাত নাট্যকাৰ হেৰাল্ড পিণ্টাৰৰ বাবে ২০০৫ চনৰ সাহিত্যৰ নোবেল বঁটা ঘোষণা কৰা হয়।
২০০৬ - বাংলাদেশৰ এইচ এইচ ইউনুছ আৰু তেওঁ প্ৰতিষ্ঠা কৰা গ্ৰামীণ বেংকক নোবেল বঁটা প্ৰদান কৰা হয়।
২০০৮ - এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে ৰায়ে বৰেলীত ৰে’ল ডবা কাৰখানা স্থাপনৰ বাবে আবণ্টিত মাটি সন্দৰ্ভত যথাৰ্থ অৱস্থাৰ নিৰ্দেশ দিয়ে।
২০১১ - কাৰ্যালয়ত ব্যৱহৃত কঠিন হিন্দী শব্দৰ ঠাইত উৰ্দু, পাৰ্চী, সহজ হিন্দী, আৰু ইংৰাজী শব্দ ব্যৱহাৰ কৰাৰ নিৰ্দেশনা দিয়া হয়। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী ভাষা বিভাগৰ সম্পাদিকা বীনা উপাধ্যায়ে এই সন্দৰ্ভত সকলো মন্ত্ৰালয় আৰু বিভাগলৈ নিৰ্দেশনা জাৰি কৰিছে।
২০১২ - পাকিস্তানৰ দাৰা আদমত আত্মঘাতী আক্ৰমণত ১৫ জন লোকৰ মৃত্যু।
২০১৩ - মধ্য প্ৰদেশৰ দতিয়া জিলাত থেলাহেঁচা পৰিৱেশত ১০৯ জন লোকৰ মৃত্যু।
জন্ম-
১৮৭৭ - আজিৰ দিনটোতে ভূলভাই দেশাই - প্ৰখ্যাত আইনবিদ, বিশিষ্ট সংসদীয় নেতা, মহাত্মা গান্ধীৰ বিশ্বাসযোগ্য সহায়ক।
১৯১১ - অশোক কুমাৰ - সুপৰিচিত চলচ্চিত্ৰ অভিনেতা।
১৯২৯ - শিৱেন্দ্ৰৰ সিং সিন্ধু - মণিপুৰ, গোৱা, আৰু মেঘালয়ৰ ৰাজ্যপাল।
১৯৩১ - ভূমিধৰ বৰ্মন - ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ যি অসমৰ মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
১৯৪৮ - নুছৰত ফতেহ আলী খান - চুফী ভক্তি সংগীত আৰু কাৱালীৰ বিখ্যাত গায়ক।
১৯৯০ - পূজা হেগড়ে - তেলেগু, তামিল, আৰু হিন্দী ছবিৰ অভিনেত্ৰী।
১৯৯৩ - হনুমা বিহাৰী - ভাৰতীয় ক্ৰিকেটাৰ।
১৯৯৪ - অবিনাশ ছেবল - ভাৰতীয় দৌৰবিদ, দীঘলীয়া বাধাৰ বাবে পৰিচিত।
মৃত্যু-
১৯০০ - আমিৰ মীনাই - বিখ্যাত ভাৰতীয় উৰ্দু কবি।
১৯১১ - ভগ্নী নিবেদিতা - সমাজকৰ্মী আৰু সাহিত্যিক, স্বামী বিবেকানন্দৰ শিষ্য।
১৯৮৭ - কিশোৰ কুমাৰ - কিংবদন্তি চলচ্চিত্ৰ গায়ক।
২০০০ - জৰ্নৈল সিং - ফুটবল খেলুৱৈ।
২০০৪ - নিৰুপা ৰায় - বিখ্যাত হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী।
গুৰুত্বপূৰ্ণ দিন-
বিশ্ব দৃষ্টি দিৱস
বিশ্ব ডাক দিৱস (সপ্তাহ)
ৰাষ্ট্ৰীয় আইনী সাহায্য দিৱস (সপ্তাহ)
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া