গুৱাহাটী, ১২ অক্টোবৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰখ্যাত সমাজকৰ্মী কনকেশ্বৰ নাৰ্জাৰীৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
মুখ্যমন্ত্ৰীয়ে কয় যে নাৰ্জাৰীয়ে সমাজৰ বিশেষকৈ বড়ো জনগোষ্ঠীৰ কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁৰ নিস্বাৰ্থ অৱদান আৰু সমাজসেৱাৰ মনোভাৱে আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।
ড° শৰ্মাই তেওঁক সামাজিক সংহতি আৰু উন্নয়নৰ ক্ষেত্ৰত এক পথ প্ৰদৰ্শক পোহৰ বুলি অভিহিত কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া