দুৰ্গাপুৰ দলবদ্ধ ধৰ্ষণ কাণ্ডক লৈ মমতা বেনাৰ্জীৰ অদ্ভুত বক্তব্য, আন ৰাজ্যৰ ছোৱালীয়ে গভীৰ নিশা বাহিৰলৈ ওলাই যোৱা উচিত নহয়
–মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এই বক্তব্যক লৈ বিৰোধী দলসমূহৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কলকাতা, ১২ অক্টোবৰ (হি.স.)। পশ্চিমবংগৰ দুৰ্গাপুৰত ওড়িশাৰ চিকিৎসা বিজ্ঞানৰ এগৰাকী ছাত্ৰীক দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত এক অদ্ভুত বিবৃতি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী মমতা ব
ममता


–মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এই বক্তব্যক লৈ বিৰোধী দলসমূহৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ

কলকাতা, ১২ অক্টোবৰ (হি.স.)। পশ্চিমবংগৰ দুৰ্গাপুৰত ওড়িশাৰ চিকিৎসা বিজ্ঞানৰ এগৰাকী ছাত্ৰীক দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত এক অদ্ভুত বিবৃতি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ প্ৰশাসনক আহ্বান জনোৱাৰ পৰিৱৰ্তে আন ৰাজ্যৰ পৰা বংগলৈ অহা ছোৱালীক নিশা বাহিৰলৈ ওলাই নাযাবলৈ পৰামৰ্শ দিয়ে। বিশেষকৈ ৰাজ্যৰ বাহিৰৰ পৰা অহা ছাত্ৰ-ছাত্ৰীয়ে হোষ্টেলত বসবাস কৰা ছাত্ৰ-ছাত্ৰীয়ে নিশা বাহিৰলৈ ওলাই নাযাব আৰু হোষ্টেলৰ নিয়ম মানি চলিব লাগে বুলিও কয়। এই সন্দৰ্ভত বিৰোধী দলসমূহে প্ৰশ্ন উত্থাপন কৰিছে।

কলকাতা বিমানবন্দৰত সংবাদ মাধ্যমৰ সৈতে দেওবাৰে হোৱা এক সাক্ষাৎকাৰত মমতা বেনাৰ্জীয়ে কয় যে, এয়া এক আচৰিত কাণ্ড। আমাৰ চৰকাৰৰ এনে অপৰাধৰ প্ৰতি শূন্য সহনশীলতাৰ দৃষ্টিভংগী আছে। তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে, আৰু বাকীসকলৰ সন্ধান অব্যাহত আছে। কাকো ৰেহাই দিয়া নহ'ব।

কিন্তু হোষ্টেলত বসবাস কৰা ছাত্ৰ-ছাত্ৰী, বিশেষকৈ বংগৰ বাহিৰৰ পৰা পঢ়া-শুনা কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰীসকলে হোষ্টেলৰ নিয়ম মানি চলিব লাগে বুলিও কয় মুখ্য়মন্ত্ৰীয়ে। মমতাই কয় যে যিকোনো ঠাইলৈ যোৱাৰ মৌলিক অধিকাৰ থাকিলেও দেৰিকৈ নিশা ওলাই যাব নালাগে।

মুখ্যমন্ত্ৰীৰ এই বক্তব্য প্ৰকাশ পোৱাৰ লগে লগে কেইবাটাও সামাজিক সংগঠন আৰু বিৰোধী দলে ইয়াক “ভুক্তভোগীক দোষাৰোপ কৰা মানসিকতা” বুলি সমালোচনা কৰে। তেওঁলোকে কয় যে ছোৱালী কেতিয়া আৰু ক’লৈ যাব লাগে সেইটো কেৱল নিৰ্দেশ দিয়াতকৈ ৰাজ্য চৰকাৰে মহিলা সুৰক্ষাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে সেই বিষয়ে মুখ্যমন্ত্ৰীয়ে জনাব লাগে।

এগৰাকী নাৰী অধিকাৰ কৰ্মীয়ে কয়, ছোৱালী এজনী নিশা ওলাই যায় বুলিয়েই কোনেও তাইৰ বিৰুদ্ধে অপৰাধ কৰাৰ অধিকাৰ নাপায়। মুখ্যমন্ত্ৰীয়ে তেওঁলোকক পৰামৰ্শ দিয়াতকৈ ৰাজ্যখনৰ প্ৰতিগৰাকী ছোৱালীকে সকলো সময়তে সুৰক্ষিত বুলি উল্লেখ কৰাহে উচিত আছিল।

বিৰোধী দলসমূহেও মুখ্যমন্ত্ৰীৰ এই বক্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বিজেপি নেতা ৰাহুল সিনহাই অভিযোগ কৰে যে মমতা বেনাৰ্জীৰ চৰকাৰে মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰাত ব্যৰ্থ হৈছে। ৰাজ্যত নিত্য বৃদ্ধি পোৱা অপৰাধ ৰোধ কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে ভুক্তভোগীক দোষাৰোপ কৰিছে।

মমতা বেনাৰ্জীয়ে লগতে কয় যে যিখন শিক্ষানুষ্ঠানত পীড়িতাগৰাকীয়ে অধ্যয়ন কৰিছিল, সেই ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়খনৰো কেম্পাছ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত পৰ্যাপ্ত নিৰাপত্তা নিশ্চিত কৰাৰ দায়িত্ব আছে। তেওঁ কয় যে ব্যক্তিগত মহাবিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিব লাগে।

উল্লেখ্য় যে শুকুৰবাৰে নিশা ওড়িশাৰ বালাসৌৰ জিলাৰ জলেশ্বৰ নিবাসী মেডিকেলৰ ছাত্ৰীগৰাকীয়ে বন্ধুৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ কলেজ চৌহদৰ পৰা ওলাই আহিছিল। এই সময়ছোৱাত ছাত্ৰীগৰাকীক অপহৰণ কৰি দুষ্কাৰ্য সংঘটিত কৰিছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande