নলবাৰী, ১২ অক্টোবৰ (হি.স.): প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ উচিত ন্যায় বিচাৰি নলবাৰী চামতাত যোৱা কালি শনিবাৰে জিলা যুৱ কংগ্ৰেছৰ সদস্যসকলে জোৰলৈ সমদল বাহিৰ কৰে। কালি সন্ধিয়া চামতাৰ ওস্তাদ হোটেলৰ সম্মুখৰ পৰা ওলোৱা জোৰ সমদলত নলবাৰী আৰক্ষীয়ে বাধা প্ৰদান কৰে৷ পিছত প্ৰায় পাঁচ শতাধিক যুৱ কংগ্ৰেছে হাতে হতে ম’বাইলৰ ফ্লাছ লাইট জ্বলাই জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে চামতা ওস্তাদ হোটেলৰ সম্মুখৰ পৰা সমদল কৰে চামতাৰ জামৰ তল চ’কলৈ৷
উল্লেখযোগ্য যে উক্ত এই সমদলত অংশগ্ৰহণ কৰে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানুৰ লগতে যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জুবেইৰ আলম, নলবাৰী যুৱ কংগ্ৰেছ সভাপতি ডাঃ নীলকমল ভূঞাৰ লগতে নলবাৰী জিলা কংগ্ৰেছ দলৰ সভাপতি ৰাতুল পাটোৱাৰীৰ লগতে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন আদিয়ে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ