লংকাৰ ৪ নং ৱাৰ্ডৰ বাবুল চন্দ্ৰৰ ঘৰত চুৰিকাণ্ডৰ ঘটনা,কেইবা লাখ টকাৰ সম্পত্তি লুতপাত
হোজাই, ১২ অক্টোবৰ (হি.স.)। লংকাৰ ৪ নং ৱাৰ্ডৰ বাবুল চন্দ্ৰৰ ঘৰত নিশা চুৰিকাণ্ডৰ ঘটনা। কেইবা লাখ টকাৰ সম্পত্তি লুতপাত। চোৰে গৃহৰ ভিতৰত প্ৰবেশ কৰি বয়বস্ত লণ্ডভণ্ড কৰাৰ লগতে গড্ৰেজ, আলমাৰী খুলি নগদ ধন,সোণ-ৰূপৰ আ-অলংকাৰ সহ সৰ্বমুঠ প্ৰায় ৭/৮ লাখ টকাৰ
লংকাৰ ৪ নং ৱাৰ্ডৰ বাবুল চন্দ্ৰৰ ঘৰত চুৰিকাণ্ডৰ ঘটনা,কেইবা লাখ টকাৰ সম্পত্তি লুতপাত


হোজাই, ১২ অক্টোবৰ (হি.স.)। লংকাৰ ৪ নং ৱাৰ্ডৰ বাবুল চন্দ্ৰৰ ঘৰত নিশা চুৰিকাণ্ডৰ ঘটনা। কেইবা লাখ টকাৰ সম্পত্তি লুতপাত। চোৰে গৃহৰ ভিতৰত প্ৰবেশ কৰি বয়বস্ত লণ্ডভণ্ড কৰাৰ লগতে গড্ৰেজ, আলমাৰী খুলি নগদ ধন,সোণ-ৰূপৰ আ-অলংকাৰ সহ সৰ্বমুঠ প্ৰায় ৭/৮ লাখ টকাৰ বয়বস্ত লৈ উধাও হই চোৰ।

ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। উল্লেখ যে, ঘৰৰ ভিতৰত গৃহস্থ শুই থকা অৱস্থাতেই নিচাযুক্ত স্প্ৰে' মাৰি চোৰে এনে কাৰ্য্য কৰাৰ সন্দেহ কৰা হৈছে।বিগত কিছুদিন ধৰি চোৰে লংকা অঞ্চলৰ বিভিন্ন স্থানত ঘৰ,উপাসনা গৃহ ,চৰকাৰী কাৰ্যালয়,বিদ্যালয় আদিত নিশা হলে লুতপাত চলোৱাটো এক নিত্যনৈমিিত্তিক ঘটনাত পৰিণত হৈছে। এই ক্ষেত্ৰত আৰক্ষীৰ নিস্ক্ৰিয় ভুমিকাক ৰাইজে তীব্ৰ সমালোচনা কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande