টাইকোৱাণ্ডো ৰাষ্ট্ৰীয় ইভেণ্টত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত বৰমাৰ বৈহৈথী
বাক্সা, ১২ অক্টোবৰ (হি.স.)। বাক্সাৰ ক্ৰীড়াক্ষেত্ৰলৈ কঢ়িয়াই আনিছে এক আশাৰ খবৰ। টাইকোৱাণ্ডো ৰাষ্ট্ৰীয় ইভেণ্টত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত বৰমাৰ বৈহৈথী স্বৰ্গিয়াৰী। ইতিপূৰ্বে কেইবাটাও ৰাষ্ট্ৰীয় ইভেন্টত অংশ লৈ বৈহৈথীয়ে কঢ়িয়াই আনিছে সাফল্য। উল্লেখ্য যে
টাইকোৱাণ্ডো ৰাষ্ট্ৰীয় ইভেণ্টত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত বৰমাৰ বৈহৈথী


বাক্সা, ১২ অক্টোবৰ (হি.স.)। বাক্সাৰ ক্ৰীড়াক্ষেত্ৰলৈ কঢ়িয়াই আনিছে এক আশাৰ খবৰ। টাইকোৱাণ্ডো ৰাষ্ট্ৰীয় ইভেণ্টত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত বৰমাৰ বৈহৈথী স্বৰ্গিয়াৰী। ইতিপূৰ্বে কেইবাটাও ৰাষ্ট্ৰীয় ইভেন্টত অংশ লৈ বৈহৈথীয়ে কঢ়িয়াই আনিছে সাফল্য।

উল্লেখ্য যে অহা ৩১ অক্টোবৰৰ পৰা ২ নবেম্বৰলৈ কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত হ'ব ৪২ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতা ২০২৫'। টাইকোৱাণ্ডোৰ এই ৰাষ্ট্ৰীয় ইভেণ্টত অসমৰ পৰা অংশ ল'ব ৩০ জনীয়া খেলুৱৈৰ দলে। এই ইভেণ্টত অসমক প্ৰতিনিধিত্ব কৰিব বাক্সা জিলাৰ বৰমাৰ ইউনাৰ্চ টাইকোৱাণ্ডো একাডেমীৰ প্ৰশিক্ষাৰ্থী বৈহৈথী স্বৰ্গিয়াৰীয়ে।

অসম দলটোৰ বাবে ফাইটিং (Fighting ) শাখাত প্ৰশিক্ষক হিচাপে নিৰ্বাচিত হয় বাক্সা জিলাৰ সুদক্ষ টাইকোৱাণ্ডো প্ৰশিক্ষক দ্বিপেন ঠাকুৰীয়া। এই খবৰে বাক্সাৰ ক্ৰীড়াক্ষেত্ৰলৈ কঢ়িয়াই আনিছে আশাৰ খবৰ। ইতিপূৰ্বে কেইবাটাও ৰাষ্ট্ৰীয় ইভেন্টত অংশ লৈ বৈহৈথীয়ে সাফল্য কঢ়িয়াই আনিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande