গােেলাঘাট, ১২ অক্টোবৰ (হি.স.)। বৃটিছৰ দিনতে অসমলৈ অহা চাহ শ্ৰমিকসকলৰ অন্যতম জনগোষ্ঠী হৈছে উৰিয়া জনগোষ্ঠী ৷ জনগোষ্ঠীটোৰ নিজস্ব কলা, সংস্কতি, ধৰ্মীয় পৰম্পৰা আছে ৷ আন আন ধৰ্মীয় পৰম্পাৰৰ অন্যতম হৈছে শ্ৰীশ্ৰী মহা মহী জানি উষা খুটি পূজা বা অগ্নি পূজা বুলি কোৱা হয় ৷ কাৰণ এই পূজাৰ বিশেষত্বই হৈছে জলন্ত পকা অঙঠাৰ ওপৰেৰে খোজ কঢ়া ৷ সমান্তৰালকৈ এই পূজাৰ আন এক বিশেষত্ব হৈছে বীজ অংকুৰিত হোৱা ৷ সিঁচি থোৱা বীজ অংকুৰিত হোৱাৰ লগে লগে শ্ৰীশ্ৰী মহা মহী জানি উষা খুটি পূজাৰ আৰম্ভ হয় ৷
এখন বেৰত ৩৩ কোটি দেৱতাৰ মূৰ্তি অংকন কৰি এই পূজা আৰম্ভ কৰে ৷ মহালয়াৰ অমাৱস্যাৰ দিনাৰ পৰা আৰম্ভ হোৱা এই মহা-মহী জানি ঊষা খুটি পূজাৰ শেষ হয় লক্ষ্মী পূৰ্ণিমাৰ পিছতে । বোকাখাতৰ ডিফলু চাহ বাগিচাৰ উৰিয়া লোকসকলে শনিবাৰে শ্ৰীশ্ৰী মহা মহী জানি উষা খুটি পূজা সমাপন কৰে ৷ পূজা আৰম্ভ হোৱাৰ পৰা সমাপ্ত হোৱালৈকে এই সময়ছোৱাত উৰিয়া সমাজৰ সকলো লোক উপবাসে থাকি ব্ৰত পালন কৰে ৷ সন্ধিয়া আৰম্ভ হোৱাৰ লগে লগে আৰম্ভ হোৱা পূজাৰ পুৱতি নিশা পোহৰ হোৱাৰ লগে লগে সমাপ্ত হয় ৷ প্ৰথমে পূজাৰ পাৰম্ভিক কামকাজ আৰম্ভ হোৱাৰ পিছতে নিৰ্ধাৰিত আৰু নিৰ্বাচিত পুৰুষ আৰু মহিলা উভয়ে গোটেই নিশা হোজাই উঠি ভক্তসকলে বিচৰা মনোমত আৰ্শীবাদ প্ৰদান কৰে ৷ সন্তান নোহোৱা কোনো দম্পতিয়ে এই পূজা দৰ্শন কৰি হোজাইৰ পৰা আৰ্শীবাদ ললে সন্তান হয় বুলিও লোক বিশ্বাস আছে ৷
পৰ্ব অনুযায়ী গোটেই ৰাতি ৩৩ কোটি দেৱতাৰ পূজা অৰ্চনা কৰি হোজাই উঠি ভক্তক আৰ্শীবাদ প্ৰদানৰ পিছত অন্তিম পৰ্ব জলন্ত অঙঠাৰে খোজ কাঢ়ি পাৰ হোৱা ৷ পূজাৰ থলীতে এটা দিঘলীয়া গাত খান্দি জুই জ্বলাই খৰিসমূহ অঙঠাত পৰিণত কৰে ৷ প্ৰথমে হোজাইসকল অঙঠাৰে পাৰ হোৱাৰ পিছত ভক্তসকলে ইজনৰ পিছত সিজন জলন্ত অঙঠাৰে পাৰ হৈ নিজৰ অভিষ্ট পূৰণ কৰে ৷ জাতি, বৰ্ণ নিৰ্বিশেষে অগণন ভক্তই মনোকামনা সিদ্ধি বাবে পকা অঙঠাৰ ওপৰেৰে খোজ কাঢ়ে আৰু নেদেখাজনৰ আৰ্শীবাদ লয় ।
বৃটিছৰ শাসন কালৰ পৰা পৰম্পৰা ৰক্ষা কৰি ঐতিহাসিক এই পূজা পালন কৰি আহিছে উৰিয়া সমাজে । উৰিয়া সমাজৰ এই পূজা থলীত বোকাখাতৰ বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা উপস্থিত হৈ তেত্ৰিশ কৌটি দেৱতাৰ আৰ্শীবাদ লয় ৷ উৰিয়া সমাজৰ এই পূজাৰ মহত্ব দেখি মন্ত্ৰীগৰাকী অভিভুত হৈ পৰে আৰু উৰিয়া সমাজৰ এই মহিমামণ্ডিত পূজাৰ সফলতা কামনা কৰে ৷ তেখেতে লগতে হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত মুখ্যমন্ত্ৰীয়ে তৎপৰতাৰে আগবঢ়াই নিয়া বুলি মন্তব্য কৰে ৷ এই সময়ত কোনো বিতৰ্ক নকৰি সকলোকে সহযোগিতা কৰিবলৈ আহ্বান জনায় ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা