গোলাঘাট, ১২ অক্টোবৰ (হি.স.): গোলাঘাট জিলাৰ বোকাখাতৰ লখৌজানৰ সমিপত যোৱা কালি শনিবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত অচিনাক্ত ট্ৰাকৰ খুণ্ডাত থিতাতে নিহত হয় স্কুটি আৰোহী চন্দন বৰগোঁহাই নামৰ এজন যুৱক ।
জানিব পৰা মতে নুমলীগড়ৰ পৰা লখৌজানৰ ঘৰলৈ স্কুটিৰে আহি থকাৰ সময়ত ঘৰ পাবলৈ ১০০ মিটাৰমান থাকোতে এখন ট্ৰাকে পিছফালৰ পৰা স্কুটি আৰোহী চন্দনক খুণ্ডিয়াই বহু দুৰ চোচোৰাই আনে । ফলত থিতাতে মৃত্যু হয় চন্দন বৰগোঁহাই নামৰ যুৱকজনৰ । ইফালে ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখন পলায়ণ কৰে। পৰৱৰ্তীকালত বোকাখাত যান বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্কুটিৰ লগতে মৃতদেহটো উদ্ধাৰ কৰি বোকাখাত আৰক্ষী থানালৈ লৈ যায় । ইফালে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ