বৰপেটা, ১২ অক্টোবৰ (হি.স.)।বৰপেটাৰ পাকা বেতবাৰীল ৰঙিয়া গাওঁ জিৰু বজাৰত এজমা হাফানী ৰোগৰ ৰোগীক আয়ুৰ্বেদিক ঔষধ প্ৰদানৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে । কবিৰাজ আমছেৰ আলীয়ে এজমা হাফানী ৰোগৰ ৰোগীক দিব এই আয়ুৰ্বেদিক ঔষধ।
এজমা হাফানী ৰোগৰ ৰোগীক আয়ুৰ্বেদিক ঔষধ দিয়াৰ বাবে স্হাপন কৰা পেণ্ডেলৰ আজি খুটি পোতা হয়।
উল্লেখ্য যে বিগত প্ৰায় ৪০ বছৰ ধৰি কবিৰাজ আমছেৰ আলীয়ে দি আহি আছে এজমা হাফানী ৰোগৰ আয়ুৰ্বেদিক ঔষধ। প্ৰতি বছৰৰ দৰে এইবেলিও অহা ১৮ অক্টোবৰ তাৰিখে সন্ধিয়া ৪ বজাৰ পৰা বৰপেটা জিলাৰ পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত ৰঙিয়া গাওঁ জিৰু বজাৰ উত্তৰ ফালে পথাৰত এজমা হাফানী ৰোগৰ ৰোগী সকলক ঔষধ দিয়া হ'ব। এদিনৰ বাবেহে এই ঔষধ প্ৰদান কৰা হয়।
কবিৰাজ আমছেৰ আলীৰ ঔষধ খাবলৈ প্ৰতি বছৰেই অসমৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে। ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু