ছয় জনগোষ্ঠীৰ জনজাতিকৰণক পূৰ্ণ সমৰ্থন অসম প্ৰদেশ বিজেপিৰ
গুৱাহাটী, ১২ অক্টোবৰ (হি.স.)। ছয় জনগোষ্ঠী মৰাণ, মটক, কোঁচ ৰাজবংশী, চুতিয়া, আহোম তথা চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ বাবে বিভিন্ন দাবীৰে অসমৰ বিভিন্ন ঠাইত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিছে। অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপে
বিজেপিৰ দলীয় পতাকা


গুৱাহাটী, ১২ অক্টোবৰ (হি.স.)। ছয় জনগোষ্ঠী মৰাণ, মটক, কোঁচ ৰাজবংশী, চুতিয়া, আহোম তথা চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ বাবে বিভিন্ন দাবীৰে অসমৰ বিভিন্ন ঠাইত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিছে। অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি যোগে বিজেপিৰ মুখপাত্ৰ প্ৰাঞ্জল কলিতাই কয় যে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ত অসম প্ৰদেশ বিজেপিৰ সম্পূৰ্ণ সমৰ্থন আছে।

২০২১ চনৰ বিজেপি দলৰ নিৰ্বাচনী ইস্তাহাৰত স্পষ্টভাৱে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সদিচ্ছাৰ কথা ঘোষণা কৰিছিল। সেই মৰ্মে অসমৰ বিজেপি চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিছে। উক্ত প্ৰতিবেদনৰ অধীনত যোৱা ২০১৯ চনত ৰাজ্যসভাত বিজেপি চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে বিধেয়ক উত্থাপন কৰাৰ লগতে বিষয়টো ভাৰত চৰকাৰৰ কেন্দ্ৰীয় কেবিনেটেও অনুমোদন জনাইছে। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই অহা ২৫ নৱেম্বৰত অসমৰ বিধানসভা অধিৱেশনত জনজাতিকৰণৰ বাবে বিধেয়ক উত্থাপন কৰিব বুলি উল্লেখ কৰিছে।

ৰাজ্যত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলনৰ বিপৰীতে পূৰ্বৰে পৰা জনজাতিৰ অধিকাৰ প্ৰাপ্ত অসমৰ অভিবাসী জনজাতিসমূহৰ লগতে ট্ৰাইবেল সংঘয়ো ইয়াৰ বিৰোধিতা কৰা দেখা গৈছে। ইয়াৰ মূলতে পূৰ্বৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে অসমত নতুনকৈ জনজাতিকৰণৰ ক্ষেত্ৰত অনা বিধেয়কে হেঙাৰ হিচাপে থিয়া দিছে। বিধেয়কখনৰ জড়িয়তে অসমত নতুনকৈ জনজাতিকৰণৰ ফলত পূৰ্বৰ জনজাতি সকলৰ যাতে অধিকাৰ, সংৰক্ষণ আদিত প্ৰভাৱ নপৰে তাৰ বাবে পূৰ্বৰ জনজাতিসমূহৰ অনুমোদনৰ কথা কংগ্ৰেছৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে উল্লেখ কৰি থৈ গৈছে। পূৰ্বতে কংগ্ৰেছে কৰা ভূলৰ বাবে বৃহত্তৰ অসম ভাঙি টুকুৰা টুকুৰ হৈ ৭ খন ৰাজ্যত পৰিণত হব লগা হৈছে। অসমৰ বড়োসকলক উচিত মৰ্য্যদা নিদিয়াৰ বাবে পৃথক বড়োভূমিৰো দাবী উত্থাপন হৈছে। কিন্তু অসমত ২০১৬ চনত বিজেপি চৰকাৰ অহাৰ পিছত বড়ো জনজাতিক উচিত প্ৰাপ্যৰে বিজেপি দলে অসমৰ লগতে আত্মীয়ভাৱে চামিল কৰিবলৈ সক্ষম হৈছে। কিন্তু কংগ্ৰেছে কৰা পূৰ্বৰ ভূলৰ ফলত পুনৰ অসমখন অশান্ত হোৱাৰ লগতে বিভাজনৰ পৰিৱেশ বিৰাজ কৰিছে। বিজেপি দলে অসমৰ সকলো জাতি জনগোষ্ঠীক ভাতৃত্ব ভাৱেৰে সৰ্বসন্মতিৰে অসমৰ মৰাণ, মটক, কোঁচ ৰাজবংশী, চুতিয়া, আহোম তথা চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণৰ এক পৰিৱেশ আনিব বিচাৰিছে।

বিজিপি চৰকাৰে কোনোধৰণৰ হিংসা নোহোৱাকৈ সকলো শ্ৰেণীৰ জনগোষ্ঠীয় লোকে একে মুখে একেখন মঞ্চতে হাতে হাতে ধৰি জনগোষ্ঠীৰ বিষয়টো আদৰণি জনোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলনত খোদ বিজেপি দলৰ কাৰ্য্যকৰ্তাসকলে অংশগ্ৰহণ কৰি জনজাতিকৰণৰ দাবীক ন্য়ায্য় দাবী বুলি স্বীকৃতি প্ৰদান কৰিছে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিজেপি দলৰ নিজৰ দাবী আৰু অসমখন শান্তিৰে কোনো বিভাজন নোহোৱাকৈ আগবঢ়াই নিবলৈ বিজেপি চৰকাৰ তথা বিজেপি দল বদ্ধপৰিকৰ বুলি মুখপাত্ৰ গৰাকীয়ে উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande