শিৱসাগৰ, ১২ অক্টোবৰ (হি.স.)। শিৱসাগৰ জিলাৰ বাকচুত অনুষ্ঠিত হ’বলগা সদৌ অসম ভাওনা সমাৰোহ আৰু শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা অনুষ্ঠানৰ লাইখুঁটা স্থাপন কৰা হয় ৷ এই উপলক্ষ্য়ত শতাধিক মহিলাই দিহানাম পৰিৱেশনৰে হাৰ্টথ্ৰ’ব জুবিন গাৰ্গলৈশ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা সংস্কৃতিৰ লগত সমাহিত কৰাৰ উদ্দেশ্যৰে জন্ম লাভ কৰা ধিতাইপুখুৰী পূৰ্বৰংগ সাংস্কৃতিক গোষ্ঠীয়ে ২৫ বছৰীয়া এক বৰ্ণিল যাত্ৰা অতিক্ৰম কৰিলে ৷ এই সুমধুৰ যাত্ৰাক স্মৰণীয় কৰাৰ উদ্দেশ্য ৰূপালী জয়ন্তী উদযাপন কৰাৰ মানস কৰিছে ।
এই ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি চতুৰ্থবাৰৰ বাবে অহা ৮ নৱেম্বৰ পৰা ১৫ নৱেম্বৰলৈ শিৱসাগৰ বাকচুৰ সৰুবিল খেলপথাৰৰ বৃন্দাবন ক্ষেত্ৰত অনুষ্ঠিত হ’ব সদৌ অসম ভাওনা সমাৰোহ আৰু শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা অনুষ্ঠান ৷
৮ নৱেম্বৰ পৰা ১৫ নৱেম্বৰলৈ বাকচুৰ সৰুবিল খেলপথাৰৰ বৃন্দাবন ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম ভাওনা সমাৰোহ আৰু শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা অনুষ্ঠানৰ আজি লাইখুঁটা স্থাপন কৰে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী আৰু ডিমৌ সমষ্টিৰ বিধায়ক তথা অসম ভাওনা সমাৰোহ আৰু শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা অনুষ্ঠানৰ সভাপতি সুশান্ত বৰগোহাঁইয়ে ৷
এই লাইখুঁটা স্থাপনৰ সৈতে সংগতি ৰাখি শতাধিক মহিলাই হাৰ্টথ্ৰ’ব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি দিহানাম পৰিৱেশন কৰে ৷
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু