(আপডেট) যোৰহাট সদৰ আৰক্ষী থানাত আচামীৰ ৰহস্য জনক মৃত্যু, আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন
যোৰহাট, ১২ অক্টোবৰ (হি.স.)। যোৰহাট সদৰ আৰক্ষী থানাত আৰক্ষীয়ে ধৰি অনা এজন আচামীৰ ৰহস্য জনক মৃত্যুুৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই ঘটনাক লৈ আৰক্ষীৰ ভূমিকাক লৈও সন্দেহ ঘনীভূত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি যোৰহাট চেঙেলী গাঁৱৰ ২১ বছৰীয়া প্ৰ
(আপডেট) যোৰহাট সদৰ আৰক্ষী থানাত আচামীৰ ৰহস্য জনক মৃত্যু, আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন


যোৰহাট, ১২ অক্টোবৰ (হি.স.)।

যোৰহাট সদৰ আৰক্ষী থানাত আৰক্ষীয়ে ধৰি অনা এজন আচামীৰ ৰহস্য জনক মৃত্যুুৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই ঘটনাক লৈ আৰক্ষীৰ ভূমিকাক লৈও সন্দেহ ঘনীভূত হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি যোৰহাট চেঙেলী গাঁৱৰ ২১ বছৰীয়া প্ৰীতম দত্ত নামৰ যুৱক জনক শনিবাৰে ভোগদৈ আৰক্ষীয়ে চুৰি সংক্ৰান্তীয় অভিযোগত নিশা প্রায় ১১ বাজি ৪৫ মিনিটত আটক কৰি আনিছিল। কিন্তু ৰহস্যজনক ভাৱে আজি দিনৰ প্ৰায় ১০ বাজি ৩৫ মিনিটত ভোগদৈ আৰক্ষী চকীৰ পৰা পৰিয়ালৰ লোকক যুৱকজনে আত্মহত্যা কৰিছে বুলি জানিবলৈ দিয়ে। এই খৱৰ পোৱাৰ পিছতেই হতভম্ব হৈ পৰে প্ৰীতমল পৰিয়ালৰ লোকসকল। পৰিয়ালৰ লোকে এই আত্মহত্যাক সহজভাৱে মানি ল'ব পৰা নাই । এই সন্দৰ্ভত আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে। পৰিয়ালৰ লোকৰ মতে আৰক্ষীৰ আতিশয্য সহিব নোৱাৰি যুৱকজনৰ মৃত্যু হয় আৰু নিজকে বচাবলৈ এয়া এক আত্মহত্যাৰ ৰূপ দিছে। পিছত যুৱক জনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হয়।

মৰোণত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত নিশ্চিত কৰিব পৰা যাব যুৱকজনে আত্মহত্যা কৰিছে নে আৰক্ষীৰ আতিশয্য সহিব নোৱাৰি যুৱকজনৰ মৃত্যু হৈছিল।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande