কোকৰাঝাৰ, ১২ অক্টোবৰ (হি.স.)। ২০২০ চনৰ ২৭ জানুৱাৰীত সম্পন্ন হোৱা বড়ো চুক্তিৰ সমুহ দফা ৰূপায়নৰ দাবী এবছুৰ।্ কোকৰাঝাৰত নিখিল বড়ো ছাত্র সন্থা চমুকৈ এবছুৱে এক সংবাদমেলত এই দাবী উত্থাপন কৰে।
এবছুৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰ বডোফা হাউচত এবছুৰ সভাপতি দ্বীপেন বড়োৱে সংবাদমেল সম্বোধন কৰি যোৱা ৮ অক্টোবৰত ৰঙিয়াত এবছুৰ বিশেষ প্ৰতিনিধি সভাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে সদৰি কৰে। লগতে ২০২০ চনৰ ২৭ জানুৱাৰীত সম্পন্ন হোৱা বড়ো চুক্তিৰ সমুহ দফা ৰূপায়নৰ দাবী উত্থাপন ছাত্ৰ সংগঠনটোৰ।
বড়ো শান্তি চুক্তি ৰূপায়ন নহলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত।
চুক্তি ৰূপায়নৰ দাবীৰে অহা অক্টোবৰৰ শেষ ভাগত প্ৰতিখন জিলাত প্ৰতিবাদী ৰেলী আয়োজনৰ ঘোষণা ছাত্ৰ সংগঠনটোৰ। তদুপৰি নৱেম্বৰৰ শেষভাগত নতুন দিল্লীত চুক্তি ৰূপায়নৰ দাবীৰে এবছুৱে ৰূপায়ন প্ৰতিবাদী কাৰ্যসূচী । ছয় জনগোষ্ঠীৰ জনজাতিকৰন সন্দৰ্ভত এবছুৰ স্থিতি ঘোষণা ।
অসমত থকা ১৪ জনজাতিৰ ক্ষতি হোৱাকৈ জনজাতিকৰণ কৰাটো উচিত নহয় বুলিও সংগঠনটোৰ দাবী। আগন্তুক সংসদীয় অধিবেশনত সংবিধানৰ ১২৫ তম সংশোধনী বিধেয়ক গৃহীত কৰাৰ দাবী ।
কাৰ্বি আংলঙত বসৱাস কৰা বড়ো সকলৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী আৰু এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সৈতে এবছুৰ আলোচনা মিলিত হোৱাৰ তথ্য সদৰি কৰিছে দ্বীপেন বড়োৱে । বড়ো চুক্তি অনুসৰি বিদ্যালয় প্ৰাদেশীকৰণৰ দাবী জনোৱাৰ লগতে সংবাদমেলযোগে ক্ৰমাগতভাৱে বৰ্ধিত মদ , জুৱা , ড্ৰাগছ, অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰো দাবী জনায় ছাত্ৰ সংগঠনটোৱে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা