ইছলামাবাদ, ১২ অক্টোবৰ (হি.স.)। পাকিস্তান আৰু আফগানিস্তানৰ মাজত চলি থকা সংঘাত শনিবাৰে নিশা তীব্ৰতৰ হৈ পৰে। আফগান বাহিনীয়ে সীমান্তত বাৰে বাৰে আক্ৰমণ চলাই পাকিস্তানক পিছুৱাই যাবলৈ বাধ্য় কৰাইছিল। এই আক্ৰমণত তালিবান চৰকাৰে পাকিস্তানৰ ২৫টা সামৰিক চকী দখল কৰাৰ লগতে ৫৮জন জোৱানক হত্যা কৰা বুলি দাবী কৰে। ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত ছৌদি আৰব আৰু কাটাৰে দুয়োখন দেশক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান জনাইছে আৰু বিবাদৰ কূটনৈতিক সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
ট’লো নিউজৰ মতে, আফগানিস্তানৰ ইছলামিক আমিৰশ্বাহীৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে দেওবাৰে এখন সংবাদমেলত শনিবাৰে নিশা সংঘটিত হোৱা আক্ৰমণৰ বিষয়ে বিতং তথ্য প্ৰদান কৰে। তেওঁ কয় যে শনিবাৰে নিশা আফগানিস্তানৰ ইছলামিক আমিৰশ্বাহীৰ বাহিনীয়ে ডুৰাণ্ড লাইনৰ কাষৰীয়া কেইবাখনো আফগান প্ৰদেশত পাকিস্তানী বাহিনীৰ বিৰুদ্ধে প্ৰতিশোধ লয়। জাবিহুল্লাহ মুজাহিদে সকীয়াই দিয়ে যে আফগানিস্তানৰ সাৰ্বভৌমত্বৰ যিকোনো উলংঘাৰ প্ৰত্য়ুত্তৰ দিয়া হ’ব।
তেওঁ উল্লেখ কৰে যে যোৱা নিশা এক অভিযানত ৫৮ জন পাকিস্তানী জোৱান নিহত হোৱাৰ লগতে আন ৩০ জন আহত হোৱাৰ বিপৰীতে ২০টা পাকিস্তানী নিৰাপত্তা চকী ধ্বংস কৰা হয়। মুজাহিদে লগতে কয় যে ডুৰাণ্ড লাইনৰ সিপাৰে প্ৰত্য়াক্ৰমণমূলক অভিযানৰ সময়ত অসংখ্য অস্ত্ৰ-শস্ত্ৰও জব্দ কৰা হৈছে। তেওঁ লগতে কয় যে এই আক্ৰমণৰ সময়ত আফগান সেনাৰ ৯ জন সৈনিকো নিহত হোৱাৰ লগতে ১৬ জন আহত হয়। মুজাহিদে লগতে প্ৰকাশ কৰে যে পাকিস্তানে আফগানিস্তানলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছিল যদিও বৃহস্পতিবাৰে নিশা পাকিস্তানৰ বিমান আক্ৰমণৰ প্ৰত্য়ুত্তৰত ইছলামিক আমিৰাটে এই প্ৰস্তাৱ নাকচ কৰে।
পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাত আইছিছ-কেৰ উপস্থিতিৰ সন্দৰ্ভত মন্তব্য কৰি মুজাহিদে দাবী কৰে যে আফগানিস্তানত এই গোটটো পৰাজিত হৈছিল আৰু তাৰ পিছত খাইবাৰ পখতুনখোৱাত ঘাটি স্থাপন কৰিছিল। মুজাহিদে অভিযোগ কৰে যে খাইবাৰ পখতুনখোৱাত আইছিছ-কেৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে। কৰাচী আৰু ইছলামবাদ বিমানবন্দৰৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলক তালৈ অনা হৈছে। আমাৰ তথ্যই ইংগিত দিয়ে যে ইৰাণ আৰু মস্কোত আক্ৰমণ এই কেন্দ্ৰসমূহৰ পৰাই সংঘটিত হৈছিল।
আফগানিস্তানৰ প্ৰতিশোধমূলক আক্ৰমণৰ পোহৰত পাকিস্তান আৰু আফগানিস্তানৰ সীমান্তৱৰ্তী অঞ্চলত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনা আৰু সংঘৰ্ষক লৈ চৌদি আৰব আৰু কাটাৰে উদ্বেগ প্ৰকাশ কৰে। আঞ্চলিক স্থিতিশীলতা বজাই ৰাখিবলৈ দুয়োখন দেশকে সংযম আৰু কূটনৈতিক সমাধান বিচাৰি উলিয়াবলৈ আহ্বান জনায়।
মন কৰিবলগীয়া যে ৯ অক্টোবৰৰ নিশা পাকিস্তানে ৰাজধানী কাবুল আৰু অন্যান্য আফগান চহৰত বিমান আক্ৰমণ চলাই কাবুল, খোষ্ট, জালালাবাদ, আৰু পাক্তিকাত থকা কথিত টিটিপিৰ আত্মগোপন স্থানক লক্ষ্য কৰি লৈছিল। এই আক্ৰমণৰ লক্ষ্য আছিল টিটিপিৰ মুৰব্বী নূৰ ৱালি মেহছুদক নিৰ্মূল কৰা। তালিবানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই আক্ৰমণক গৰিহণা দি যুদ্ধৰ আৰম্ভণি বুলি অভিহিত কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া