গৌৰীপুৰত চোৰাং উট সৰবৰাহৰ সৈতে জৰিত থকাৰ অভিযোগত তিনিজনক আটক
ধুবুৰী, ১২ অক্টোবৰ (হি.স.)। গৌৰীপুৰত চোৰাং উট সৰবৰাহৰ সৈতে জৰিত থকাৰ অভিযোগত তিনিজনক আটক। যোৱা শনিবাৰে গৌৰীপুৰ আৰক্ষীয়ে ছাড়াল ডাঙ্গাৰ এমবিচি ইটা ভাটাৰ পৰা ১৪টা চোৰাং উট সহ স্বাহিদুৰ হক নামৰ এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছিল। আটক হোৱা স্বাহিদুৰ ৰ
গৌৰীপুৰত চোৰাং উট সৰবৰাহৰ সৈতে জৰিত থকাৰ অভিযোগত তিনিজনক আটক


ধুবুৰী, ১২ অক্টোবৰ (হি.স.)। গৌৰীপুৰত চোৰাং উট সৰবৰাহৰ সৈতে জৰিত থকাৰ অভিযোগত তিনিজনক আটক। যোৱা শনিবাৰে গৌৰীপুৰ আৰক্ষীয়ে ছাড়াল ডাঙ্গাৰ এমবিচি ইটা ভাটাৰ পৰা ১৪টা চোৰাং উট সহ স্বাহিদুৰ হক নামৰ এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছিল। আটক হোৱা স্বাহিদুৰ ৰহমানৰ স্বীকাৰোক্তিৰ ভিত্তিত চোৰাং উট কাৰবাৰৰ সৈতে জড়িত থকা আন দুজন ব্যক্তিক আটক কৰে গৌৰীপুৰ আৰক্ষীয়ে।

আটক কৰা ব্যক্তি তিনিজন ক্ৰমে ফলিমাৰী প্ৰথম খণ্ড গাঁৱৰ জাবেদ আলী, বাণীয়ামাৰী ৪ৰ্থ খণ্ড গাঁৱৰ মাজিমূল হক আৰু শিলাইপাৰ গাঁৱৰ স্বহিদুল হক।

গৌৰীপুৰ আৰক্ষীয়ে ৪২৩/২৫ নম্বৰত গোচৰ পঞ্জীয়ন কৰি তিনিজনকে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande