নগাঁও, ১১ অক্টোবৰ (হি.স.)। নগাঁও জিলাৰ কঠিয়াতলীত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে ৷ তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী মহিলা পথচাৰী ৷ নিশা কঠিয়াতলী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দূৰ্ঘটনা ৷ নিহত মহিলাগৰাকী এই পৰ্যন্ত চিনাক্ত হোৱা নাই ৷
দিনটো ভিক্ষা খুজি নিশা মহিলাগৰাকী নিজগৃহলৈ বুলি গৈ থকা অৱস্থাত সংঘটিত হয় দূৰ্ঘটনাতো ৷ দূ্ৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ এএছ ৩১ চি ১০৯১ বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৃত মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি নিজৰ জিম্মাত লয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে এক অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰিছে। লগতে মৃত মহিলাগৰাকীৰ চিনাক্তকৰণৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা