নগাঁও, ১১ অক্টোবৰ (হি.স.)। নগাঁও জিলাৰ কামপুৰ পটিয়াপামত এক অঘটন সংঘটিত হৈছে ৷ গড়কাপ্তানি পথৰ দ গাঁতত সোমাই গুৰুতৰ ভাৱে আহত হয় এজন চাইকেল আৰোহী ৷ সংকটজনক অৱস্থাত লোক জনক উদ্ধাৰ কৰি ১০৮ এম্বোলেঞ্চ যোগে কামপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় যুৱক সকলে ৷
উল্লেখ্য যে বানৰ পাছৰে পৰা কামপুৰ যমুনামুখ সংযোগী গড়কাপ্তানি পথটো বিধ্বস্থ হৈ পৰিছে। পথটতো বহুকেইটা বৃহৎ দ' গাঁত সৃষ্টি হৈছে৷ পথটো মেৰামতি কৰাৰ মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতিও অসাৰ হৈ পৰিছে ৷ বৰ্তমানো কামপুৰৰ বহু অঞ্চলৰ বাটপথত আছে বৃহৎ বৃহৎ গাঁত ৷ আনহাতে গড়কাপ্তানি বিভাগৰ ভুলৰ বাবেই শেহতীয়াকৈ এই দূৰ্ঘটনা সংঘটিত হৈ বুলি লোকসকলে মত ব্যক্ত কৰিছে ৷ এই ক্ষেত্ৰত শীঘ্ৰে পথটি যাতায়তৰ অনুকূল কৰি তুলিবলৈ স্থানীয় লোকসকলে চৰকাৰলৈ আহ্বান জনাইছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা