মুম্বাই আৰক্ষীয়ে ধন দাবীৰ গোচৰত গেংষ্টাৰ ছোটা ৰাজনৰ সহযোগী ডি কে ৰাওকে ধৰি তিনিজনক গ্ৰেপ্তাৰ
মুম্বাই, ১১ অক্টোবৰ (হি.স.)। মহাৰাষ্ট্ৰৰ মুম্বাই আৰক্ষীয়ে ধন দাবীৰ গোচৰত গেংষ্টাৰ ছোটা ৰাজনৰ সহযোগী ৰবি মলেশ ভোৰা ওৰফে ডি কে ৰাও (৫৯)সহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। তিনিওজনকে ব্যাপক জেৰা অব্যাহত ৰাখিছে। এই গোচৰৰ তদন্তকাৰী এজন আৰক্ষী বিষয়াই শনিবা
মহাৰাষ্ট্ৰ আৰক্ষীয


মুম্বাই, ১১ অক্টোবৰ (হি.স.)। মহাৰাষ্ট্ৰৰ মুম্বাই আৰক্ষীয়ে ধন দাবীৰ গোচৰত গেংষ্টাৰ ছোটা ৰাজনৰ সহযোগী ৰবি মলেশ ভোৰা ওৰফে ডি কে ৰাও (৫৯)সহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। তিনিওজনকে ব্যাপক জেৰা অব্যাহত ৰাখিছে।

এই গোচৰৰ তদন্তকাৰী এজন আৰক্ষী বিষয়াই শনিবাৰে জনোৱা মতে, শুকুৰবাৰে নিশা ডি কে ৰাওক মুম্বাই আৰক্ষীয়ে এজন বিল্ডাৰক ১ কোটি টকাৰ ধন দাবী আৰু ভাবুকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছতে আজি পুৱা মুম্বাই আৰক্ষীৰ দলে ডি কে ৰাওৰ সহযোগী মিমিত ভুটা আৰু অনিল পৰেৰাওক গ্ৰেপ্তাৰ কৰে। তিনিওজনকে তীব্ৰ জেৰা অব্যাহত ৰাখিছে। ইয়াৰ পূৰ্বে জানুৱাৰী মাহত ডি কে ৰাওক সুকীয়া ধন দাবীৰ গোচৰত হোটেল মালিকক হত্যাৰ ভাবুকি দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল। বিষয়াগৰাকীয়ে আৰু কয় যে যদিও এই কাণ্ড যোৱা বছৰ সংঘটিত হৈছিল, তথাপিও শেহতীয়াকৈ আনুষ্ঠানিক অভিযোগ দাখিল কৰা হৈছে, যাৰ ফলত এফআইআৰ পঞ্জীয়ন আৰু পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখযোগ্য যে ধৰৱীৰ বাসিন্দা ৰাৱে নব্বৈৰ দশকত ছোটা ৰাজনৰ গেঙত যোগদান কৰাৰ পূৰ্বে ক্ষুদ্ৰ ক্ষুদ্ৰ চুৰিৰ দ্বাৰা অপৰাধমূলক কেৰিয়াৰ আৰম্ভ কৰিছিল, য’ত তেওঁ সমগ্ৰ মুম্বাইত ধন দাবীৰ অভিযানত জড়িত আছিল। সময়ৰ লগে লগে তেওঁ ৰাজনৰ প্ৰতি আনুগত্য বজাই ৰাখি নিজাকৈ নেটৱৰ্ক গঢ়ি তুলিছিল। ডি কে ৰাওৰ বিৰুদ্ধে ৪২টা অপৰাধমূলক গোচৰ ৰুজু হৈছে, য’ত ৬টা হত্যা, ৫টা ডকাইতি, আৰু কেইবাটাও ধন দাবীৰ গোচৰ আছে। ২০২২ চনৰ অক্টোবৰ মাহত বম্বে উচ্চ ন্যায়ালয়ে তেওঁক সংগঠিত অপৰাধৰ গোচৰত জামিন প্ৰদান কৰিছিল, য’ত তেওঁ কাৰাগাৰৰ আঁৰৰ পৰা ধন দাবীৰ আহ্বান জনাইছিল। চলিত বৰ্ষৰ আৰম্ভণিতে পুনৰ গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁক জামিন মঞ্জুৰ কৰা হৈছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande