ৰাইডঙীয়াত দিনহাজিৰা কৰা পিতৃৰ পুত্ৰৰ অসম আৰক্ষী উপ-পৰিদৰ্শক পদত নিযুক্তি
নগাঁও, ১১ অক্টোবৰ (হি.স.)। সদ্য় ঘোষিত অসম প্ৰত্য়ক্ষ নিযুক্তি পৰীক্ষা (এডিআৰই)ৰ ফলাফলে ৰাইডঙীয়াৰ এটি উৰুখা পঁজালৈ কঢ়িয়াই আনিছে আনন্দৰ বন্যা । ৰাইডঙীয়াত দিনহাজিৰা কৰা পিতৃৰ পুত্ৰই অসম আৰক্ষী উপ-পৰিদৰ্শক পদত নিযুক্তি লাভ কৰিছে। এডিআৰইত জিলিকিল বটদ্ৰ
ৰাইডঙীয়াত দিনহাজিৰা কৰা পিতৃৰ পুত্ৰৰ অসম আৰক্ষী উপ-পৰিদৰ্শক পদত নিযুক্তি


নগাঁও, ১১ অক্টোবৰ (হি.স.)। সদ্য় ঘোষিত অসম প্ৰত্য়ক্ষ নিযুক্তি পৰীক্ষা (এডিআৰই)ৰ ফলাফলে ৰাইডঙীয়াৰ এটি উৰুখা পঁজালৈ কঢ়িয়াই আনিছে আনন্দৰ বন্যা । ৰাইডঙীয়াত দিনহাজিৰা কৰা পিতৃৰ পুত্ৰই অসম আৰক্ষী উপ-পৰিদৰ্শক পদত নিযুক্তি লাভ কৰিছে। এডিআৰইত জিলিকিল বটদ্ৰৱাৰ ৰাইডঙীয়া বিনয় বৰা। বিনয় বৰাই নিযুক্তি লাভ কৰাত উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃ, শিক্ষক আৰু গাঁৱৰ ৰাইজ।

ৰাইডঙীয়া পহুকটা গাঁৱৰ দিনহাজিৰা কৰা প্ৰভাত বৰা(পিতৃ) আৰু মাতৃ জুলি বৰাৰ একমাত্ৰ পুত্ৰ বিনয় বৰাই এডিআৰই পৰীক্ষাত সুখ্যাতি অৰ্জন কৰি, অসম আৰক্ষী উপ-পৰিদৰ্শক পদত নিযুক্তি লাভ কৰিছে।

উল্লেখ্য যে, দিনহাজিৰা কৰা পিতৃৰ পুত্ৰ বিনয়ে অধ্যয়নৰ সমান্তৰালকৈ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত পাঠদান কৰি লগতে ঘৰুৱা টিউচন কৰি নিজৰ লগতে পৰিয়ালটো পোহপাল দি আহিছিল। অঞ্চলৰ মেধাসম্পন্ন, অমায়িক ছাত্ৰ জনৰ এই সাফল্যৰ বাবে তেওঁৰ ঘৰত উপস্থিত হৈ শিক্ষাগুৰু সকলেও আশীৰ্বাদ আৰু অভিনন্দন জ্ঞাপন কৰে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande